October 16, 2026

Global Assam News

Global and Local Assam News Website

HSLC ২০২৭ৰ ফৰ্ম পূৰণ ১২ অক্টোবৰৰ পৰা
  • ১২ অক্টোবৰৰ পৰা HSLC ২০২৭ৰ ফৰ্ম পূৰণ
  • ১০ নৱেম্বৰ অন্তিম তাৰিখ
  • ১৯ নৱেম্বৰলৈ সংশোধনৰ সুযোগ
  • যোগ্য ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ মাচুল ৰেহাই

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৮ অক্টোবৰ: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে (ASSEB) HSLC পৰীক্ষা ২০২৭ৰ অনলাইন ফৰ্ম পূৰণৰ সময়সূচী ঘোষণা কৰিছে। ব’ৰ্ডৰ জাননী অনুসৰি, ১২ অক্টোবৰৰ পৰা ফৰ্ম পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈ ১০ নৱেম্বৰ ২০২৬লৈ চলিব।

মাচুল আৰু সংশোধনৰ সময়সীমা

অনলাইন মাচুল পৰিশোধ বা চালান প্ৰস্তুতৰ অন্তিম তাৰিখ ১২ নৱেম্বৰ। চালানৰ জৰিয়তে মাচুল জমা দিয়াৰ বাবে ১৬ নৱেম্বৰলৈ সময় দিয়া হৈছে। আনহাতে, অনলাইন তথ্য সংশোধনৰ অন্তিম তাৰিখ ১৯ নৱেম্বৰ। ইয়াৰ পিছত বিষয়-সম্পৰ্কীয় কোনো সংশোধন গ্ৰহণ কৰা নহ’ব।

ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা

HSLC ২০২৭ৰ ফৰ্ম পূৰণৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়ত ব্যৱহাৰ কৰা একেটা ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগিব। ফৰ্ম সেইখন বিদ্যালয়ৰ জৰিয়তেই পূৰণ কৰিব লাগিব, যিখন বিদ্যালয়ত নৱম শ্ৰেণীৰ পঞ্জীয়ন সম্পন্ন হৈছিল।

পৰীক্ষাৰ মাচুল ৭০০ টকা, প্ৰায়োগিক পৰীক্ষাৰ মাচুল প্ৰযোজ্য ক্ষেত্ৰত ১৫০ টকা আৰু কেন্দ্ৰ মাচুল ৩৫০ টকা নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰী, প্ৰাদেশীকৃত আৰু স্বীকৃত বিদ্যালয়ৰ যোগ্য ছাত্ৰ-ছাত্ৰীৰ বাবে, যিসকলৰ অভিভাৱকৰ বাৰ্ষিক আয় ৪ লাখ টকা বা তাতকৈ কম, পৰীক্ষাৰ মাচুল ৰেহাইৰ ব্যৱস্থাও কৰা হৈছে।

 

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *