September 20, 2026

Global Assam News

Global and Local Assam News Website

তিন প্ৰজন্ম অসমত বসবাস কৰিলেই ‘খিলঞ্জীয়া’: ভূমি বিধেয়কক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ

  • অসম ভূমি আৰু ৰাজহ নিয়ম সংশোধনী বিধেয়ক
  • ‘খিলঞ্জীয়া’ৰ সংজ্ঞা
  • তিন প্ৰজন্মৰ বসবাসৰ চৰ্ত
  • চাহ বাগিচাৰ শ্ৰমিক আৰু সংখ্যালঘুৰ সুৰক্ষা
  • তিন প্ৰজন্মৰ বসবাসেই মূল মাপকাঠি

সমগ্ৰ সমাচাৰ সেৱা

অসম,৮ ছেপ্টেম্বৰ:অসমৰ প্ৰস্তাৱিত ভূমি আৰু ৰাজহ নিয়ম সংশোধনী বিধেয়কক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধেয়কখনৰ ‘খিলঞ্জীয়া’ সংজ্ঞা সন্দৰ্ভত স্পষ্টীকৰণ আগবঢ়াইছে। মুখ্যমন্ত্ৰীৰ মতে, যিকোনো পৰিয়ালৰ তিনিটা প্ৰজন্ম অসমত বসবাস কৰি আহিলে তেওঁলোকক ‘খিলঞ্জীয়া’ হিচাপে গণ্য কৰাৰ ব্যৱস্থা বিধেয়কখনত আছে। ১৯৫১ চনৰ পূৰ্বে অসমত বসবাস কৰা পৰিয়ালসমূহো এই সংজ্ঞাৰ আওতাত পৰে বুলি তেওঁ উল্লেখ কৰে।

সত্ৰ আৰু ঐতিহাসিক অঞ্চলৰ বাসিন্দাক লৈ ব্যাখ্যা

বৰপেটা, বটদ্ৰৱা আৰু মাজুলীৰ দৰে ঐতিহাসিক সত্ৰক কেন্দ্ৰ কৰি নিৰ্ধাৰিত পাঁচ কিলোমিটাৰ পৰিসৰৰ সুৰক্ষিত অঞ্চল সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে বক্তব্য আগবঢ়ায়। তেওঁৰ মতে, এই অঞ্চলসমূহত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা কলিতা, ব্ৰাহ্মণ, কোচ-ৰাজবংশী আৰু মিচিং জনগোষ্ঠীৰ লোকসকলে সাধাৰণতে তিন প্ৰজন্মৰ বসবাসৰ চৰ্ত পূৰণ কৰে।

১৯৫১ চনৰ পূৰ্বে অসমলৈ অহা বঙালী মূলৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলকো বিধেয়কখনৰ অধীনত ‘খিলঞ্জীয়া’ হিচাপে গণ্য কৰাৰ ব্যৱস্থা থকা বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে।

চাহ বাগিচাৰ শ্ৰমিকৰ বাবেও বিশেষ সুৰক্ষা

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তিন প্ৰজন্মৰ বসবাসৰ তথ্য বা নথি প্ৰমাণ কৰাত অসুবিধা হ’ব পৰা চাহ বাগিচাৰ শ্ৰমিক সমাজৰ বাবে বিশেষ সুৰক্ষাৰ ব্যৱস্থা ৰখা হৈছে।

তেওঁৰ মতে, বিধেয়কখনক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিৰ অৱকাশ নাই আৰু এই নীতি ইতিমধ্যে অসম বিধানসভাত বিস্তৃতভাৱে আলোচনা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *