গুৱাহাটী বিশ্ববিদ্যালয়ত উপ-ৰাষ্ট্ৰপতিৰ ঐতিহাসিক অনুষ্ঠান—শিক্ষা, সংস্কৃতি আৰু সংহতিৰ বাটচৰা
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৭ ছেপ্টেম্বৰ :গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসৰত আজি শিক্ষা, সাংস্কৃতিক ঐতিহ্য আৰু আধুনিক উন্নয়নৰ এক বিশেষ মিলনৰ সাক্ষী হোৱা গ’ল। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চি. পি. ৰাধাকৃষ্ণনে ১১০ কোটি টকাৰ নতুন পৰিকাঠামো উন্নয়ন যোজনা (বহুবিষয়ক একাডেমিক বিল্ডিং, নতুন ছাত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় হোষ্টেল, অডিটৰিয়াম আৰু লাইব্ৰেৰী সংলগ্ন কাম) উদ্বোধন কৰে। অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিভিন্ন বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত আছিল।
উপ-ৰাষ্ট্ৰপতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৯৪৮ চনৰ ২৬ জানুৱাৰীত স্থাপনৰ ঐতিহাসিক দিশ দাঙি ধৰে, যি গোপীনাথ বৰদলৈৰ নেতৃত্বত গঢ়ি উঠিছিল। তেওঁ কয়, “এই বিশ্ববিদ্যালয়ে এতিয়া NAAC A+ স্বীকৃতি আৰু NIRF-২০২৫ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত ৯তম স্থান লাভ কৰিছে।” ভাষা, সাহিত্য, বিশ্ববিদ্যায়ত পৰিসীমা, অৱলুপ্ত ভাষা, বহুভাষিকতা, মহিলাৰ অধ্যয়ন, পৰিবেশ-সংহতি আৰু ভাৰতীয় জ্ঞান তন্ত্ৰৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ে কৰা গৱেষণাৰো উচ্চ মূল্যায়ন কৰে।
উপ-ৰাষ্ট্ৰপতিয়ে অসমীয়া-তামিল সাহিত্য অনুবাদক ভাৰতৰ সংস্কৃতিক সংহতিৰ নিদৰ্শন হিচাপে উল্লেখ কৰে। তেওঁ কয়, “ভাষা এটা সভ্যতাৰ স্মৃতি, জ্ঞান আৰু পৰিচয় বহন কৰে।” তেওঁ অসম-তামিলৰ মাজত একাডেমিক আৰু সাহিত্যিক আদান-প্ৰদান বৃদ্ধি কৰাৰ আহ্বান জনায়।
তেওঁ ২০১৪ৰ পিছত দেশজুৰি উচ্চ শিক্ষাৰ পৰিসৰ, IIT, IIM, IIIT, AIIMS স্থাপন আৰু মহিলাৰ নামভৰ্তিত ৪২.২% বৃদ্ধি, অসমত শিক্ষা, সংযোগ, বিনিয়োগ আৰু চাকৰিৰ উন্নতিৰ ভূয়সী প্ৰশংসা কৰে।
অনুষ্ঠানত ভূপেন হাজৰিকাৰ ওপৰত সম্পাদিত গ্ৰন্থ আৰু চন্দ্ৰকান্ত অভিধানৰ ৫ম সংস্কৰণ মুকলি কৰা হয়। শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা সংস্কৃতিক অনুষ্ঠানত অসমৰ ঐতিহ্যিক বৈচিত্র্য ফুটাই তোলা হয়।
উপ-ৰাষ্ট্ৰপতিয়ে “No to Drugs” শপত বাক্য পাঠাই, যুৱসমাজক নেশা, অপচয় আৰু অত্যধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰ পৰিহাৰ কৰি, সময় ব্যৱস্থাপনা আৰু আত্ম-অনুশাসন বজাই ৰাখিবলৈ আহ্বান জনায়।
তেওঁ ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে কৈছিল—“স্বপ্ন দেখক, গৱেষণা কৰক, সমাজৰ সমস্যা সমাধানৰ বাবে আগবঢ়ক, মানৱতাৰ সেৱাত প্ৰযুক্তি ব্যৱহাৰ কৰক আৰু উদ্ভাৱনক অন্তর্ভুক্তিমূলক উন্নয়নৰ বাহন বনাওক।”
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই ঐতিহাসিক অনুষ্ঠানত শিক্ষা, সংহতি, সংস্কৃতি আৰু উন্নয়নৰ নতুন দিগন্ত মুকলি হ’ল।
