September 20, 2026

Global Assam News

Global and Local Assam News Website

সত্য নিকেতনৰ ভয়ংকৰ ঘটনাই জগালে নিৰাপত্তাক লৈ প্ৰশ্ন

সত্য নিকেতনৰ ভয়ংকৰ ঘটনাই জগালে নিৰাপত্তাক লৈ প্ৰশ্ন

পুনম শর্মা

নতুন দিল্লীৰ সত্য নিকেতনত সংঘটিত ভয়ংকৰ ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলোৱাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ থকা ঠাইসমূহৰ নিৰাপত্তা ব্যৱস্থাক লৈ পুনৰ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ওখ অট্টালিকা, ঠেক গলি, সৰু সৰু চিৰি আৰু ঘন জনবসতিপূৰ্ণ পৰিৱেশৰ মাজত ছাত্ৰ-ছাত্ৰীয়ে কিমান সুৰক্ষিতভাৱে বাস কৰে, সেই লৈও এতিয়া উদ্বেগ বৃদ্ধি পাইছে।

সত্য নিকেতনলৈ নিজৰ সন্তানক পঢ়াৰ বাবে ৰাখিবলৈ যোৱা এগৰাকী অভিভাৱকৰ ব্যক্তিগত অভিজ্ঞতাই ঘটনাটোক আৰু অধিক হৃদয়স্পৰ্শী কৰি তুলিছে। তেওঁ জনোৱা মতে, প্ৰথমবাৰ সত্য নিকেতনলৈ গৈয়ে পৰিৱেশটো উপযুক্ত নহয় বুলি তেওঁৰ মনত এক অস্বস্তি সৃষ্টি হৈছিল। সেয়েহে সন্তানক তাত নৰখাৰ সিদ্ধান্ত লৈ তেওঁলোক সেই স্থানৰ পৰা আঁতৰি আহিছিল।

ইয়াৰ পূৰ্বে ‘কনকলতা গাৰ্লছ পিজি’ নামৰ এটা পৰিচিত পিজিৰ সৈতে যোগাযোগ কৰাৰ কথাও তেওঁ উল্লেখ কৰিছে। তেওঁলোকক কোৱা হৈছিল যে ‘কনকলতা বয়ছ পিজি’ও সাজু কৰা হৈছে। সেই আশাৰে তেওঁলোক তাত উপস্থিত হৈছিল যদিও বাস্তৱ পৰিৱেশ দেখি হতাশ হৈছিল। তেওঁৰ মতে, পিজিটোৰ পৰিৱেশ অত্যন্ত অস্বস্তিকৰ আছিল আৰু কথাৰে দিয়া আশ্বাস আৰু বাস্তৱৰ মাজত যথেষ্ট পাৰ্থক্য দেখা গৈছিল।

সেই সময়ত উৎকট গৰমৰ মাজতে সত্য নিকেতন ত্যাগ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু এতিয়া সেই স্থানতে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছত সেই দিনটোৰ স্মৃতি পুনৰ মনলৈ আহিছে।

অভিভাৱকৰ ভাষাত, মহানগৰৰ ওখ অট্টালিকাবোৰত যেন মানুহৰ জীৱনতকৈ অধিক গুৰুত্ব লাভ কৰিছে ব্যৱসায়িক লাভে। ছাত্ৰ-ছাত্ৰী থাকিলেই হ’ল—তেওঁলোকৰ সুৰক্ষা, অট্টালিকাৰ গাঁথনি, অগ্নিনিৰাপত্তা, জৰুৰীকালীন বাহিৰ ওলোৱাৰ পথ আদি বিষয়ত কিমান গুৰুত্ব দিয়া হয়, সেয়াই এতিয়া মূল প্ৰশ্ন।

ভাৰতৰ ৰাজধানী নতুন দিল্লীত পঢ়ি নিজৰ ভৱিষ্যৎ গঢ়াৰ সপোন লৈ অহা বহু কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱন আৰু পৰিয়ালৰ আশা-আকাংক্ষা এনে ঘটনাই মুহূৰ্ততে চূৰ্ণ-বিচূৰ্ণ কৰি দিব পাৰে। এই শোকাৱহ ঘটনাই কেৱল দুখৰ সৃষ্টি কৰা নাই, বৰং মহানগৰৰ পিজি আৰু ছাত্ৰাবাসসমূহৰ নিৰাপত্তা ব্যৱস্থাৰ কঠোৰ পৰীক্ষাৰো দাবী জনাইছে।

এটা প্ৰশ্নই এতিয়া সকলোৰে মনত—ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ মূল্যৰ ওপৰতকৈ ডাঙৰ আন কিবা হ’ব পাৰেনে?

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *