শিক্ষক দিৱসৰ অনুষ্ঠানলৈ ওলাই নিৰুদ্দেশ একাদশ শ্ৰেণীৰ ছাত্ৰী
- গুৱাহাটীত ছাত্ৰী নিৰুদ্দেশ
- শিক্ষক দিৱসৰ অনুষ্ঠান
- মালিগাঁৱৰ কলেজ
- জালুকবাৰী আৰক্ষীৰ তদন্ত
সমগ্ৰ সমাচাৰ সেৱা :
গুৱাহাটী, ৭ ছেপ্টেম্বৰ :গুৱাহাটীৰ মালিগাঁৱৰ ললিত চন্দ্ৰ ভৰালী কলেজৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালত উদ্বেগৰ সৃষ্টি কৰিছে। পৰিয়ালৰ মতে, আমিনগাঁৱৰ বাসগৃহৰ পৰা কলেজত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ওলাই যোৱাৰ পিছৰে পৰা ছাত্ৰীগৰাকীৰ সন্ধান নাই।
নিৰুদ্দেশ হোৱা ছাত্ৰীগৰাকীক খুশবু চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, শনিবাৰে পুৱা প্ৰায় ১০ বজাত তেওঁ শিক্ষক দিৱসৰ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাইছিল।
জালুকবাৰী থানাত এজাহাৰ
কিন্তু তাৰ পিছৰে পৰা খুশবুৰ কোনো সন্ধান পোৱা নাই। ছাত্ৰীগৰাকীৰ সন্ধান নোপোৱাত চিন্তিত হৈ পৰিয়ালৰ লোকে জালুকবাৰী আৰক্ষী থানাত যোগাযোগ কৰি অভিযোগ দাখিল কৰে।
ছাত্ৰীগৰাকীৰ নিৰুদ্দেশৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে খুশবুক বিচাৰি উলিয়াবলৈ বিভিন্ন ধৰণে অভিযান চলাই আছে।
সন্ধান পালে আৰক্ষীক জনোৱাৰ আহ্বান
ইফালে, পৰিয়ালৰ লোকে খুশবুৰ বিষয়ে কোনো তথ্য লাভ কৰিলে তৎকালীনভাৱে আৰক্ষী বা পৰিয়ালক অৱগত কৰিবলৈ ৰাইজক আহ্বান জনাইছে। ছাত্ৰীগৰাকীৰ সন্ধান উলিওৱাত সকলোৰে সহযোগিতা কামনা কৰিছে পৰিয়ালে।
