অসম আৰক্ষীত ১৫-২০ হাজাৰ নতুন নিযুক্তিৰ লক্ষ্য, জিৰো-ভেকেন্সি বাহিনী গঢ়াৰ দিশত
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২ ছেপ্টেম্বৰ :অসম চৰকাৰে আগন্তুক ৫ বছৰত ১৫,০০০-২০,০০০ নতুন আৰক্ষী নিযুক্তিৰ লক্ষ্য স্থিৰ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত ‘পাছিং আউট পেৰেড’ত এই কথা ঘোষণা কৰে। তেওঁ কয়, “অসম চৰকাৰে ৫ বছৰত ২ লাখ শিক্ষিত যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু তাৰ অন্তৰ্গত ১৫-২০ হাজাৰ নতুন আৰক্ষী নিযুক্তি হ’ব।”
মুখ্যমন্ত্ৰীয়ে লগতে কয়, বিগত ৫ বছৰত ২১,০০০ আৰক্ষী নিযুক্তি হৈছে, যি নিযুক্তি পদ্ধতি সম্পূৰ্ণ স্বচ্ছতা আৰু মেধাৰ ভিত্তিত হৈছিল। অসমৰ আৰক্ষী বাহিনী এতিয়া “যুৱ নেতৃত্বাধীন বাহিনী” হিচাপে পৰিগণিত হৈছে। চৰকাৰৰ লক্ষ্য হৈছে “জিৰো-ভেকেন্সি” বাহিনী গঢ়া, অৰ্থাৎ কোনো খালী পদ নাথাকিব।
অপরাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে, ২০২১ত ১ লাখ জনসংখ্যাত ৩৭৯ টা কেচ আছিল, যি ২০২৪ৰ জুলাইলৈ ১১৬লৈ নামি আহিছে। কেচ ৰেজিষ্টাৰ ১,৩৩,২৩৯ৰ পৰা ২৫,০০০লৈ নামি আহিছে। চার্জশীটৰ হাৰ ৮৬.৮৫% আৰু দণ্ডাদেশৰ হাৰ প্ৰায় ৩০% লৈ বৃদ্ধি পাইছে।
ড্ৰাগছবিৰুদ্ধ অভিযানত অসম আৰক্ষীয়ে ৫ বছৰত ৩,২৫৪ কোটি টকাৰ মাদক জব্দ আৰু ২৬,৫৩৭ জনক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ কেচত দণ্ডাদেশৰ হাৰ ৫৭%।
ভূগোলিক অৱস্থাৰ কাৰণে অসমে সদায় সুৰক্ষা চেলেঞ্জৰ সন্মুখীন হ’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ মহিলা-শিশুৰ বিৰুদ্ধে অপৰাধত জিৰো ট’লাৰেন্সৰ আহ্বান জনায়।
এই পাছিং আউটে ৪০৩ গৰাকী নতুন আৰক্ষী বাহিনীত যোগদান কৰে, যাৰ ভিতৰত ৩২জন ডেপুটি চুপাৰিন্টেণ্ডেণ্ট অফ পুলিশও আছে। LBPA আৰু মেঘালয়ৰ নর্থ ইষ্টাৰ্ণ পুলিচ একাডেমীত ৫২ সপ্তাহৰ মৌলিক, লগতে ক’মাণ্ডো আৰু স্পেচিয়েলাইজড প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে।
মুখ্যমন্ত্ৰীয়ে LBPA-ৰ প্ৰশিক্ষণ মান উন্নীত কৰি ভাৰতীয় সেনাৰ দৰেই আধুনিক প্ৰশিক্ষণ প্ৰদানৰ আহ্বান জনায়। লগতে, দুদিনীয়া চুপাৰিন্টেণ্ডেণ্ট অফ পুলিচ কনফাৰেন্সত আইন-শৃংখলা, নতুন নিযুক্তি, মাদক, মহিলা-শিশু অপৰাধ আদি বিষয়ত আলোচনা হ’ব।
অসম চৰকাৰে আইন-শৃংখলা, ড্ৰাগছ, আৰু যুৱ নিযুক্তি ক্ষেত্ৰত আঁচনি দ্রুতগতিত আগবঢ়াইছে।
