September 1, 2026

Global Assam News

Global and Local Assam News Website

মানস ৰাষ্ট্ৰীয় উদ্যানৰ কাষত আধুনিক তাঁত প্ৰযুক্তিৰ প্ৰশিক্ষণ, উপকৃত ২০গৰাকী মহিলা বয়নশিল্পী

মানস ৰাষ্ট্ৰীয় উদ্যানৰ কাষত আধুনিক তাঁত প্ৰযুক্তিৰ প্ৰশিক্ষণ, উপকৃত ২০গৰাকী মহিলা বয়নশিল্পী

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৩১ আগষ্টঃ অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত বাস কৰা মহিলা বয়নশিল্পীসকলৰ জীৱিকাৰ সুযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে ‘আৰণ্যক’-এ আধুনিক ৱাৰ্পিং ড্ৰাম প্ৰযুক্তিৰ ওপৰত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। ২৬ আগষ্টত মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভূয়নপাৰা ৰেঞ্জৰ অন্তৰ্গত গোৰুমাৰা, কোকলাবাৰীত এই প্ৰশিক্ষণ অনুষ্ঠিত হয়।

কোকলাবাৰী অঞ্চলৰ মুঠ ২০গৰাকী মহিলা হস্ততাঁত বয়নশিল্পীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। পৰম্পৰাগত বয়ন পদ্ধতিৰ সৈতে আধুনিক প্ৰযুক্তিৰ সংযোগ ঘটাই উৎপাদনশীলতা, সামগ্ৰীৰ গুণগত মান আৰু উপাৰ্জনৰ সুযোগ বৃদ্ধি কৰাই এই উদ্যোগৰ মূল উদ্দেশ্য।

শাৰীৰিক পৰিশ্ৰম হ্ৰাসত গুৰুত্ব

ৱাৰ্পিং হস্ততাঁত বয়নৰ এক গুৰুত্বপূৰ্ণ ধাপ। পৰম্পৰাগতভাৱে বহু বয়নশিল্পীয়ে পথৰ কাষত বা মুকলি ঠাইত এই কাম সম্পন্ন কৰিবলগীয়া হয়। ফলত অধিক সময় আৰু শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন হয়। বৰষুণ বা বেয়া বতৰৰ সময়ত এই কাম আৰু অধিক কঠিন হৈ পৰে।

প্ৰশিক্ষণৰ সময়ত মহিলাসকলক ৱাৰ্পিং ড্ৰাম ব্যৱহাৰৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয়। ববিনত সূতা মেৰিওৱাৰ পৰা আৰম্ভ কৰি ৱাৰ্পিং সম্পূৰ্ণ কৰালৈকে প্ৰতিটো ধাপ হাতে-কামে দেখুওৱা হয়। এই প্ৰযুক্তিয়ে ঘৰৰ ভিতৰতে অধিক সুৰক্ষিত আৰু কম পৰিশ্ৰমে ৱাৰ্পিং সম্পন্ন কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

প্ৰশিক্ষণপ্ৰাপ্ত বয়নশিল্পী পখিলা বড়োৱে কয় যে এতিয়াৰে পৰা ৰ’দ বা বৰষুণ যিয়েই নহওক, ঘৰৰ ভিতৰতে ৱাৰ্পিং কৰিব পৰা যাব আৰু শাৰীৰিক পৰিশ্ৰমো হ্ৰাস পাব।

মহিলা বয়নশিল্পীৰ জীৱিকা শক্তিশালী কৰাৰ লক্ষ্য

এই প্ৰশিক্ষণ ৰেখা বড়োৱে প্ৰদান কৰে। তেওঁ এগৰাকী অভিজ্ঞ বয়নশিল্পী আৰু প্ৰশিক্ষিত হস্ততাঁত প্ৰযুক্তি প্ৰশিক্ষক। তেওঁ অংশগ্ৰহণকাৰীসকলক ধাপে ধাপে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষণৰ পিছতো প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।

‘আৰণ্যক’-ৰ মতে, মহিলা বয়নশিল্পীৰ কাৰিকৰী দক্ষতা বৃদ্ধি কৰিলে পৰিয়ালৰ উপাৰ্জন, অৰ্থনৈতিক স্বাৱলম্বিতা আৰু দীৰ্ঘম্যাদী জীৱিকাৰ সুৰক্ষা শক্তিশালী হ’ব পাৰে। লগতে নতুন প্ৰজন্মৰ মাজলৈ এই দক্ষতা আৰু পৰম্পৰাগত বয়ন জ্ঞান প্ৰেৰণ কৰাৰ ক্ষেত্ৰতো এই উদ্যোগে সহায় কৰিব।

এই কাৰ্যসূচীৰ উদ্দেশ্য আৰু লক্ষ্য ব্যাখ্যা কৰে ‘আৰণ্যক’-ৰ টাইগাৰ ৰিছাৰ্চ এণ্ড কনজাৰ্ভেচন ডিভিজন আৰু হাৰ্পেট’ফনা ৰিছাৰ্চ এণ্ড কনজাৰ্ভেচন ডিভিজনৰ সঞ্চালক তথা মুৰব্বী এম. ফিৰোজ আহমেদ আৰু একে বিভাগৰ মেনেজাৰ ডেটছুং বসুমতাৰীয়ে।

মানস লেণ্ডস্কেপত ‘আৰণ্যক’-ৰ প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা কাৰ্যসূচী আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (IUCN) আৰু Kreditanstalt für Wiederaufbau (KfW)-ৰ সহযোগিতাত ৰূপায়ণ কৰা হৈছে। পৰিৱেশগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ কাষত বাস কৰা স্থানীয় আৰু খিলঞ্জীয়া সম্প্ৰদায়ৰ বাবে বিকল্প তথা বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাও এই বৃহত্তৰ উদ্যোগৰ অন্যতম লক্ষ্য।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *