August 24, 2026

Global Assam News

Global and Local Assam News Website

অসমৰ ‘AssamSAT’ উৎক্ষেপণৰ দিশত বেচৰকাৰী অংশীদাৰ নিৰ্বাচন শেষ

অসমৰ 'AssamSAT' উৎক্ষেপণৰ দিশত বেচৰকাৰী অংশীদাৰ নিৰ্বাচন শেষ

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ২৪ আগষ্ট :অসম চৰকাৰে নিজৰ উপগ্ৰহ ‘AssamSAT’ উৎক্ষেপণৰ বাবে বেচৰকাৰী অংশীদাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া অতি অন্তিম তথা গুৰুত্বপূর্ণ পর্যায়ত আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাননী দি কয়, অসম ভাৰতৰ প্ৰথমখন ৰাজ্য হ’ব যাৰ নিজৰ পৃথিৱী পৰ্যবেক্ষণ ব্যৱস্থা থাকিব।

এই উপগ্ৰহ DBLOTT মডেল (Design, Build, Launch, Operate, Train and Transfer)ৰ অধীনত উৎক্ষেপণ কৰা হ’ব। এই বছৰ আৰম্ভণিতে চৰকাৰে বেচৰকাৰী উদ্যোগৰ পৰা অংশীদাৰবিলাক বাছনি কৰিবলৈ Expressions of Interest (EOI) আহ্বান কৰিছিল। ভাৰতৰ বেচৰকাৰী মহাকাশ কোম্পানীবিলাকৰ পৰা উত্সাহী প্ৰতিক্ৰিয়া পোৱাৰ পাছত, এতিয়া নিৰ্বাচন কমিটিয়ে প্ৰস্তাৱসমূহৰ মূল্যায়ন কৰি আছে।

AssamSAT উৎক্ষেপণৰ পিছত ৰাজ্যৰ শাসন ব্যৱস্থা, উন্নয়ন পৰিকল্পনা, নিৰাপত্তা আৰু দুৰ্যোগ ব্যৱস্থাপনাত ৰিয়েল-টাইম তথ্য লাভ সহজ হ’ব। মুখ্যমন্ত্ৰীয়ে ছচিয়েল মিডিয়াতো অৱগত কৰে যে, এই উদ্যমৰ লগত অসম আগন্তুক বছৰত মহাকাশ উদ্যোগৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰতিষ্ঠা কৰিব।

উল্লেখযোগ্য যে, এই প্ৰকল্পৰ সফলতাত অসমে দেশৰ মহাকাশ উদ্যোগত এক নতুন অধ্যায় আৰম্ভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *