August 24, 2026

Global Assam News

Global and Local Assam News Website

‘মানুহৰ গান’: ভূপেন হাজৰিকাৰ সংগীতৰ সামাজিক আত্মা উন্মোচিত ডকুমেন্টাৰী

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী,২৩ আগষ্ট : চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপুজাৰীয়ে ডঃ ভূপেন হাজৰিকাৰ সংগীতৰ সামাজিক তথা ৰাজনৈতিক দিশ উন্মোচিত কৰিবলৈ ৮২ মিনিট দৈৰ্ঘ্যৰ ডকুমেন্টাৰী ‘মানুহৰ গান’ (The Hum of Humanity) নিৰ্মাণ কৰিছে। এই ছবি ডাঃ হাজৰিকাৰ জন্মশতবার্ষিকী উদযাপনৰ পূৰ্বে মুক্তি পাবলৈ সাজু হৈছে।

গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ উন্মোচন কৰে গুণী গায়িকা মানিষা হাজৰিকা, যি ডাঃ ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্টৰ সভাপতি। ছবি মুক্তি অনুষ্ঠানত উৎপল বৰপুজাৰীয়ে ক’লে, “যিমান বেছি ডাঃ হাজৰিকাক সংগীতজ্ঞ হিচাপে জানে, তাৰ বাহিৰেও তেওঁৰ মানবিক চিন্তা, সামাজিক প্ৰতিশ্রুতি, আৰু সংগীতৰ জৰিয়তে সমাজ আৰু ইতিহাস কিমান গভীৰভাৱে স্পৰ্শ কৰিছে, সেয়া বহুতৰেই অজানা।”

এই ডকুমেন্টাৰীৰ মূল উদ্দেশ্য হৈছে অসমৰ বাহিৰৰ তথা বঙালৰ বাহিৰৰ দৰ্শকসকলক ডঃ হাজৰিকাৰ সংগীতৰ মানবিক দিশ আৰু সমাজৰ অৱহেলিত শ্রেণীৰ জীৱনসংগ্ৰামৰ সৈতে তেওঁৰ সম্পৃক্ততা চিনাকি কৰোৱা। ছবিখনত নানা থীম আৰু ঘটনাক লৈ সমাজ আৰু ইতিহাসৰ সৈতে সংগীতৰ সংযোগ দেখুওৱা হৈছে।

প্ৰযোজক অভিজিত ভূঞা জনায়, ছবিত ব্যৱহৃত নহোৱা বহু সাক্ষাৎকাৰ আৰু ফুটেজ অকাডেমিক আৰু গৱেষণাৰ ক্ষেত্ৰত YouTube-ত মুক্তি দিয়া হ’ব। মুক্তি অনুষ্ঠানৰ পাছত ‘বাহিৰৰ বিশ্বত ডাঃ ভূপেন হাজৰিকাৰ সৃষ্টিৰ ব্যাপকতাৰ প্ৰচাৰত আমি বিফল নে?’ শীৰ্ষক পেনেল আলোচনা অনুষ্ঠিত হয়, য’ত ময়ুখ হাজৰিকা, নাট্যকাৰ নয়ন প্ৰসাদ আদি অংশগ্ৰহণ কৰে।

এই ডকুমেন্টাৰী ডাঃ হাজৰিকাৰ মানবিক দৃষ্টিভংগী আৰু সংগীতৰ মাধ্যমত সমাজৰ সত্য উদঘাটনৰ এক মূল্যবান দলিল হিচাপে বিবেচিত হব বুলি আশা প্ৰকাশ কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *