বিশ্বনাথ বিধায়ক পল্লৱ লোচন দাস ট্ৰেক্টৰ চলাই পথাৰত হাল
সমগ্ৰ সমাচাৰ সেৱা
বিশ্বনাথ, ১৯ জুলাই :ব্যস্ত ৰাজনৈতিক সময়সূচীৰ মাজত এক সম্পূৰ্ণ নতুন ৰূপত দেখা গ’ল বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসক। শাওনৰ ভৰ বৰ্ষাত মিচামাৰী গাঁৱত তেওঁ নিজে ট্ৰেক্টৰ চলাই হাল বোৱাৰ লগতে স্থানীয় মহিলাসকলৰ লগত একেলগে ভূঁই ৰুই, কৃষকৰ প্ৰতি নিজৰ সহানুভূতি আৰু সংহতি প্ৰকাশ কৰে।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)-এ গ্ৰাম্য অৰ্থনীতি স্বাৱলম্বী কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে বামুনিপথাৰ আৰু ধুলি গাঁও পঞ্চায়তৰ দুটা সংহত কৃষি ক্লাষ্টাৰৰ উদ্যোগত বৰ্ষাকালীন কৃষি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিধায়ক দাসে পৰম্পৰাগতভাৱে ফিতা কাটি কাৰ্যসূচী উদ্বোধন কৰে।
উদ্বোধনৰ পিছত হাতে ট্ৰেক্টৰৰ ষ্টিয়াৰিং লৈ পথাৰত হাল বোৱাত ব্যস্ত হয় আৰু পৰম্পৰাগতভাৱে পথাৰৰ আলিত বহি স্থানীয় কৃষকসকলৰ সৈতে জলপান কৰে। তাৰ পিছত মহিলাসকলৰ সৈতে একেলগে ভূঁই ৰুবলৈ নামে আৰু সকলোৰে মাজত উৎসাহ আৰু আনন্দৰ সঞ্চাৰ হয়।
ASRLM-ৰ এই পদক্ষেপক বিধায়ক দাসে উচ্চ প্ৰশংসা কৰে আৰু গ্ৰাম্য অৰ্থনীতি স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে। বিধায়কৰ এই কৃষক-ঘনিষ্ঠ ৰূপ এতিয়া সমগ্ৰ বিশ্বনাথত চৰ্চাৰ বিষয়।
