অসম : হাস্পতালত ৪০০০তকৈ অধিক পদ খালী
- ১৪টা চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৪,২৩২টা পদ খালী
- মুঠ অনুমোদিত পদৰ ২৮%তকৈ বেছি এতিয়াও পূৰণ হোৱা নাই
- জোৰহাট, বৰপেটা, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে দৈনিক ১,০০০তকৈ অধিক ৰোগীক সেৱা
- ৰাজ্যজুৰি চিকিৎসা মহাবিদ্যালয়-হাস্পতালসমূহে প্ৰতিদিনে ১৫,২০৫জন ৰোগীক সেৱা আগবঢ়ায়
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১0 জুলাই :অসমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালসমূহত ৪,২০০তকৈ অধিক পদ খালী হৈ আছে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে বিধানসভাত এই তথ্য প্ৰকাশ কৰে। ৰাজ্যত মুঠ ১৪টা চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল আছে, য’ত ১৪,৭৫৪টা অনুমোদিত পদৰ ভিতৰত ৪,২৩২টা এতিয়াও পূৰণ হোৱা নাই।
জানিবলৈ পোৱা মতে, জোৰহাট, বৰপেটা আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে প্ৰতিদিনে ১,০০০তকৈ অধিক ৰোগীক চিকিৎসা সেৱা দিয়ে। সমগ্ৰ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালসমূহে প্ৰতিদিনে ১৫,২০৫জন ৰোগীক সেৱা আগবঢ়াইছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে।
