Global Assam News

Global and Local Assam News Website

শিৱসাগৰৰ হোম ষ্টেত কলেজ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক আটক

শিৱসাগৰৰ হোম ষ্টেত কলেজ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক আটক

সমগ্ৰ সমাচাৰ সেৱা

শিৱসাগৰ, ৩ জুলাইঃ শিৱসাগৰ চহৰৰ সমীপৰ জয়সাগৰ জোনাকী নগৰৰ এটা হোম ষ্টেত এগৰাকী কলেজীয়া ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত ছাত্ৰীগৰাকী শিৱসাগৰ ছোৱালী কলেজৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী কৃষ্ণা গগৈ (২২) বুলি চিনাক্ত কৰা হৈছে। তেওঁ শিৱসাগৰ জিলাৰ বেতবাৰী বাকচু গাঁৱৰ বাসিন্দা তথা খেলুৱৈ বিজিত গগৈৰ কন্যা।

প্ৰাৰম্ভিক তথ্য অনুসৰি, কৃষ্ণা গগৈ দিনৰ প্ৰায় ১১ বজাত অবিনাশ কোঁৱৰ নামৰ এজন যুৱকৰ সৈতে জয়সাগৰ জোনাকী নগৰৰ ‘হলিডে হোম ষ্টে’ত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত প্ৰায় ২ বজাত অবিনাশ কোঁৱৰে হোম ষ্টেৰ কৰ্মচাৰীক ছাত্ৰীগৰাকীয়ে চিপ লৈ থকা বুলি অৱগত কৰে। কৰ্মচাৰীসকলে লগে লগে ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভ কৰাৰ পিছতে জয়সাগৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বিভিন্ন প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সৈতে জড়িত সন্দেহত অবিনাশ কোঁৱৰক আটক কৰি সোধা-পোছা চলাই আছে। জানিব পৰা মতে, অবিনাশ কোঁৱৰৰ ঘৰ শিৱসাগৰ বেতবাৰী দুই নং কোঁৱৰ গাঁৱত।

আনহাতে, সংশ্লিষ্ট ‘হলিডে হোম ষ্টে’ৰ স্বত্বাধিকাৰী ৰঞ্জন আৰু বেণু নামৰ দুগৰাকী ব্যক্তি বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে হোম ষ্টেৰ নথি-পত্ৰ, চিচিটিভি ফুটেজ আৰু অন্যান্য তথ্য পৰীক্ষা কৰি ঘটনাটোৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ চেষ্টা চলাইছে।

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে মৃত্যুৰ সঠিক কাৰণ স্পষ্ট হ’ব বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিছে। পৰিয়ালৰ লোকসকল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত শোকৰ ছাঁ নেমি আহে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *