নেপালে ভাৰতীয় আম আমদানিত নিষেধাজ্ঞা আৰোপ হোৱা নাই: কৃষি মন্ত্ৰালয়
- নেপালে ভাৰতীয় আম আমদানিত নিষেধাজ্ঞা আৰোপ কৰা বুলি প্ৰকাশিত সংবাদক কৃষি মন্ত্ৰালয়ে খণ্ডন কৰিছে।
- মন্ত্ৰালয়ে এই ধৰণৰ প্ৰতিবেদনক তথ্যভিত্তিকভাৱে ভুল আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে।
- নেপালে শেহতীয়াকৈ কিছুমান আমদানি নিয়ম সংশোধন কৰিছে, যাৰ ভিতৰত Hot Water Treatment (গৰম পানীৰ প্ৰক্ৰিয়াকৰণ) বাধ্যতামূলক কৰা হৈছে।
- নিৰ্ধাৰিত নিয়ম মানি ভাৰতৰ পৰা নেপাললৈ আম ৰপ্তানি অব্যাহত আছে।
নেপালে ভাৰতীয় আম আমদানিত নিষেধাজ্ঞা নহয়, বিভ্ৰান্তিকৰ খবৰ খণ্ডন কৰিলে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে
সমগ্ৰ সমাচাৰ সেৱা
নতুন দিল্লী, ১১ জুন : কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে নেপালে ভাৰতীয় আম আমদানিত নিষেধাজ্ঞা অথবা স্থগিতাদেশ জাৰি কৰা বুলি প্ৰকাশিত কিছুমান সংবাদ প্ৰতিবেদনক সম্পূৰ্ণৰূপে খণ্ডন কৰিছে।
মন্ত্ৰালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে এই ধৰণৰ সংবাদসমূহ তথ্যভিত্তিকভাৱে ভুল আৰু জনসাধাৰণক বিভ্ৰান্ত কৰা ধৰণৰ। মন্ত্ৰালয়ে স্পষ্ট কৰিছে যে নেপালে ভাৰতৰ পৰা আম আমদানিৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই।
বিবৃতিটোত উল্লেখ কৰা হয় যে নেপাল চৰকাৰে শেহতীয়াকৈ কিছুমান আমদানি-সম্পৰ্কীয় চৰ্ত সংশোধন কৰিছে। ইয়াৰ ভিতৰত আম আমদানিৰ ক্ষেত্ৰত Hot Water Treatment (HWT) বা গৰম পানীৰ প্ৰক্ৰিয়াকৰণৰ প্ৰমাণপত্ৰ দাখিল কৰাটো অন্যতম। এই নতুন নিয়ম খাদ্য সুৰক্ষা আৰু গুণগত মান নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা হৈছে।
কৃষি মন্ত্ৰালয়ে জনাইছে যে ভাৰত চৰকাৰ আৰু সংশ্লিষ্ট সংস্থাসমূহে নেপালৰ নিৰ্ধাৰিত নতুন নিয়মসমূহ মানি চলি ভাৰতীয় আমৰ ৰপ্তানি অব্যাহত ৰাখিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে।
