ৰঙিয়া: থানাৰ সন্মুখত টায়াৰ জ্বলাই পথ অৱৰোধ, আৰক্ষী মুৰ্দাবাদ ধ্বনি
Oplus_131072
- ৰঙিয়া থানাৰ সন্মুখত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।
- টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ।
- ৰুদ্ৰমনি ধাবাত মা কামাখ্যা মন্দিৰৰ ফটো আঁৰি থোৱাক কেন্দ্ৰ কৰি বিতৰ্ক।
- দুয়ো পক্ষৰ মাজত বাক-বিতণ্ডাৰ পিছত হতাহতি।
- বজৰং দল, বিশ্ব হিন্দু পৰিষদ আৰু একাংশ বিজেপি সদস্যৰ থানাঘেৰাও।
- জইনুৰ আলীক আটক কৰাৰ দাবীত উত্তাল প্ৰতিবাদ।
- পলায়ন কৰা জইনুৰ আলীৰ সন্ধানত আৰক্ষীৰ অভিযান।
ৰঙিয়া থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ
সমগ্ৰ সমাচাৰ সেৱা
ৰঙিয়া, ৯ জুন: ৰঙিয়া থানাৰ সন্মুখত নিশাৰ ভাগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে প্ৰতিবাদকাৰীয়ে আৰক্ষী মুৰ্দাবাদ ধ্বনি দিয়ে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ থানা চৌহদ উত্তাল হৈ পৰে।
ৰুদ্ৰমনি ধাবাক কেন্দ্ৰ কৰি আৰম্ভ হয় বিতৰ্ক
জানিব পৰা মতে, ৰঙিয়াৰ বালাগাওঁৰ জইনুৰ আলী নামৰ এজন লোকৰ ৰুদ্ৰমনি ধাবাখনত মা কামাখ্যা মন্দিৰৰ ফটো আঁৰি থোৱাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয়। ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰে জইনুৰ আলীক ফটোসমূহ আঁতৰাবলৈ কোৱাৰ পিছত দুয়ো পক্ষৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত সেই বিতণ্ডাই হতাহতিলৈ ৰূপ লয়।
প্ৰহাৰৰ অভিযোগে উত্তাল পৰিস্থিতি
অভিযোগ অনুসৰি, ৰুদ্ৰমনি ধাবাৰ মালিক জইনুৰ আলীসহ একাংশ লোকে অমৰেন্দ্ৰ লহকৰ, অঞ্জন ভূঞা, মানস বেজবৰুৱা আৰু পংকজ কলিতাক প্ৰহাৰ কৰে। এই ঘটনাৰ পিছতে ৰঙিয়া থানা চৌহদত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
আটকৰ দাবীত থানাঘেৰাও
ৰুদ্ৰমনি ধাবাৰ গৰাকী জইনুৰ আলীক আটক কৰাৰ দাবীত বজৰং দল, বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তাসকলৰ লগতে একাংশ ৰঙিয়া বিজেপি সদস্যই ৰঙিয়া থানা ঘেৰাও কৰে। প্ৰতিবাদকাৰীয়ে থানাৰ সন্মুখতেই টায়াৰ জ্বলাই পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
পৰিস্থিতি নিয়ন্ত্ৰণত আৰক্ষীৰ তৎপৰতা
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিশাৰ ভাগতে ৰঙিয়া থানাত উপস্থিত হয় কামৰূপ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ লগতে আৰক্ষীৰ বৃহৎ দল। ঘটনাৰ পাছতে পলায়ন কৰা জইনুৰ আলীৰ সন্ধানত কামৰূপ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
