Global Assam News

Global and Local Assam News Website

নতুন দিল্লীত অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ব্যাখ্যানমালা সম্পন্ন

Oplus_131072

“নামূলং লিখ্যতে কিঞ্চিত” ব্যাখ্যানমালাৰ অন্তৰ্গত “ভাৰতৰ বিভিন্ন যোগ পৰম্পৰাৰ ইতিহাস” বিষয়ক বিশেষ ব্যাখ্যান অনুষ্ঠিত

সমগ্ৰ সংবাদ সেৱা,

নতুন দিল্লী, ৮ জুন: নতুন দিল্লীৰ ঝাণ্ডেৱালাস্থিত কেশৱকুঞ্জত থকা অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ কেন্দ্ৰীয় কাৰ্যালয়ত ভাৰতীয় ইতিহাস সংকলন যোজনা সমিতি, দিল্লী প্ৰান্ত আৰু মাধৱ সংস্কৃতি ন্যাসৰ যৌথ উদ্যোগত আয়োজিত “নামূলং লিখ্যতে কিঞ্চিত” ব্যাখ্যানমালাৰ অন্তৰ্গত “ভাৰতৰ বিভিন্ন যোগ পৰম্পৰাৰ ইতিহাস” বিষয়ক এক বিশেষ ব্যাখ্যান অনুষ্ঠিত হয়।

এই ব্যাখ্যানমালাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে আচার্য (ড°) ৰজনীশ কুমাৰ শুক্ল (পূৰ্ব উপাচাৰ্য, মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়, ৱৰ্ধা তথা অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি)। তেওঁ “ভাৰতৰ বিভিন্ন যোগ পৰম্পৰাৰ ইতিহাস” বিষয়ত বক্তব্য আগবঢ়াই কয় যে ভাৰতৰ যোগ পৰম্পৰাৰ ইতিহাস অতি প্ৰাচীন আৰু বৈচিত্ৰ্যপূৰ্ণ। ইয়াৰ শিপা সিন্ধু-সৰস্বতী সভ্যতা (খ্ৰীষ্টপূৰ্ব ২৭০০) পৰ্যন্ত বিস্তৃত আৰু সময়ৰ লগে লগে বেদ, উপনিষদ, মহাভাৰত, ভগৱদ্গীতা, পতঞ্জলি যোগসূত্ৰ, হঠযোগ, ভক্তিযোগ আদিৰ মাজেৰে বিকশিত হৈ আধুনিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈকে উপনীত হৈছে। আজি যোগ ভাৰতীয় সংস্কৃতিৰ এক বিশ্বজনীন প্ৰতীকত পৰিণত হৈছে।

তেওঁ লগতে কয় যে যোগৰ আভ্যন্তৰীণ শুদ্ধতা আৰু পৱিত্ৰতা কেৱল ব্যক্তিগত নহয়, ই সমষ্টিগতো।

ব্যাখ্যানমালাত উপস্থিত অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সংগঠন সম্পাদক ড° বালমুকুন্দ পাণ্ডেয়ে নিজৰ বক্তব্যত কয় যে দৰ্শনৰ ক্ৰিয়ামূলক ৰূপেই হৈছে যোগ। দৰ্শনে যি চিন্তা আৰু তত্ত্ব আগবঢ়ায়, যোগে তাক জীৱনত বাস্তৱায়িত কৰাৰ সাধনা কৰে। দৰ্শনে কয় যে আত্মা শুদ্ধ আৰু পৰমাত্মাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। যোগ হৈছে সেই সত্যৰ অনুভৱ লাভৰ এক উপায়—ধ্যান, প্ৰাণায়াম, আসন আৰু আত্ম-নিয়ন্ত্ৰণৰ জৰিয়তে। সেয়েহে যোগক দৰ্শনৰ ক্ৰিয়াত্মক দিশ বুলি কোৱা হয়। দৰ্শনে পথ দেখুৱায় আৰু যোগে সেই পথত আগবাঢ়িবলৈ সহায় কৰে।

অনুষ্ঠানখনৰ সভাপতিত্ব কৰে পদ্মশ্ৰী সন্মানপ্ৰাপ্ত বিশিষ্ট প্ৰত্নতত্ত্ববিদ, ইতিহাসবিদ, কলা-সমালোচক তথা অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰফেছৰ বুদ্ধ ৰশ্মি মণিয়ে। সভাপতীয় ভাষণত তেওঁ কয় যে যোগৰ মূল উদ্দেশ্য হৈছে ব্যক্তিৰ আত্মাক পৰমাত্মাৰ সৈতে সংযোগ কৰা। আসন আৰু প্ৰাণায়ামৰ মাধ্যমেৰে শৰীৰ আৰু মনৰ মাজত ভাৰসাম্য স্থাপন হয়। যোগ কেৱল ব্যক্তিগত সাধনাৰ বিষয় নহয়; ই সামাজিক আৰু সাংস্কৃতিক ঐক্যৰো এক শক্তিশালী মাধ্যম। সেয়েহে যোগক কেৱল ব্যায়াম বা আসনলৈ সীমাবদ্ধ কৰি চাব নোৱাৰি। ইয়াৰ গভীৰ অৰ্থ হৈছে সংযোগ আৰু একত্ব। যোগে আমাক নিজৰ সৈতে, সমাজৰ সৈতে আৰু পৰম সত্যৰ সৈতে সংযুক্ত কৰে।

অনুষ্ঠানৰ আৰম্ভণি হয় ড° পীয়ুষ মিশ্ৰৰ মঙ্গলাচৰণৰ জৰিয়তে। ব্যাখ্যানমালাখনৰ সঞ্চালনা কৰে ড° সৌৰভ কুমাৰ মিশ্ৰ (উপ-সঞ্চালক, ICHR তথা ABISY-ৰ ৰাষ্ট্ৰীয় প্ৰচাৰ প্ৰমুখ)। ধন্যবাদ জ্ঞাপন কৰে ড° সঞ্জীৱ কুমাৰ মিশ্ৰই (স্নাতকোত্তৰ শিক্ষক আৰু দিল্লী প্ৰান্তৰ কাৰ্যনিৰ্বাহক সদস্য)।

দিল্লী প্ৰান্তৰ মহাসচিব ড° নিৰ্মল পাণ্ডেয়ৰ নেতৃত্ব, সমন্বয় আৰু পৰিচালনাত প্ৰান্তীয় দলটোৱে অনুষ্ঠানখন সফলভাৱে সম্পন্ন কৰে।

এই উপলক্ষে প্ৰফেছৰ সুষ্মিতা পাণ্ডে, সুৰেন্দ্ৰ হাঁস, বিধু পাণ্ডে, ড° নৰেন্দ্ৰ শুক্ল, প্ৰফেছৰ ৰমেশ কুমাৰ মিশ্ৰ, শত্ৰুজিৎ সিং, প্ৰফেছৰ ধৰ্মচন্দ চৌবে, প্ৰফেছৰ প্ৰবীণ গৰ্গ, প্ৰফেছৰ অখিলেশ কুমাৰ দুবে, প্ৰফেছৰ ইউথিকা মিশ্ৰ, ড° অজয়, ড° অস্মিত শৰ্মা, শ্ৰী সচিন ঝা, মুকেশ উপাধ্যায়, কুমাৰ ৰাকেশ, ড° সত্য প্ৰকাশ, ড° ৰামাকান্ত, ড° কৌশলেন্দ্ৰ, ড° প্ৰীতি উপাধ্যায়, ড° ৰচনা, ড° জ্যোতি শুক্লা, আকাশ নাৰায়ণ, আদিত্য কুমাৰ, কৃষ্ণা দ্বিবেদী, আয়ুষ দ্বিবেদী, পংকজ, মানস গুপ্তাকে ধৰি বহু দায়িত্ববাহী, বিষয়ববীয়া, আজীৱন সদস্য আৰু বিভিন্ন বিশ্ববিদ্যালয়ৰ অধ্যাপক উপস্থিত থাকে। অনুষ্ঠানত ১৫০ জনতকৈ অধিক শিক্ষক, গৱেষক আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *