অম্বুবাচী মেলাক লৈ তৎপৰ প্ৰশাসন, কামাখ্যা ধামত আৰম্ভ ব্যাপক প্ৰস্তুতি
Oplus_131072
- কামাখ্যা ধামত অম্বুবাচী মেলা উপলক্ষে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি।
- ক্ষেত্ৰ পৰিদৰ্শন কৰি ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে কামৰূপ (মেট্ৰো) জিলাৰ উপায়ুক্ত স্বপ্নীল পলে।
- ভক্তসকলৰ সুবিধাৰ বাবে বিভিন্ন বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।
- ভিৰ নিয়ন্ত্ৰণ, স্বাস্থ্যসেৱা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব।
- এইবাৰ ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা।
কামাখ্যা ধামত আৰম্ভ অম্বুবাচী মেলাৰ প্ৰস্তুতি
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৭ জুন: গুৱাহাটীস্থিত কামাখ্যা ধামত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক অম্বুবাচী মেলাক কেন্দ্ৰ কৰি জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। কামৰূপ (মেট্ৰো) জিলাৰ উপায়ুক্ত স্বপ্নীল পালে ক্ষেত্ৰ পৰিদৰ্শন কৰি বিভিন্ন ব্যৱস্থাৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ সৈতে সমন্বয় বৈঠক অনুষ্ঠিত কৰে।
প্ৰশাসনৰ ফালৰ পৰা মেলালৈ অহা লক্ষাধিক ভক্ত আৰু সাধু-সন্ন্যাসীৰ সুবিধাৰ বাবে পৰ্যাপ্ত পানী যোগান, স্বাস্থ্যসেৱা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, যান-বাহন নিয়ন্ত্ৰণ, সুৰক্ষা আৰু অন্যান্য মৌলিক সুবিধা নিশ্চিত কৰাৰ দিশত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন বিভাগে নিজৰ নিজৰ কাৰ্যপৰিকল্পনা দাখিল কৰি প্ৰস্তুতিৰ খতিয়ান দিছে।
অম্বুবাচী মেলাত প্ৰতি বছৰে দেশ-বিদেশৰ লাখ লাখ ভক্ত সমবেত হয়। সেই কথা লক্ষ্য ৰাখি ভিৰ নিয়ন্ত্ৰণ, যান-বাহন ব্যৱস্থাপনা আৰু সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সংশ্লিষ্ট বিভাগসমূহক সকলো ব্যৱস্থা সময়মতে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
এইবাৰৰ অম্বুবাচী মেলা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশ হিচাপে পৰিগণিত এই মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও বহু ভক্তৰ আগমন ঘটিব বুলি আশা কৰা হৈছে।
