ভাৰতৰ লোকপিয়ল ২০২৭ৰ প্ৰস্তুতি: দক্ষিণ শালমাৰা-মানকাচৰত তিনিদিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণৰ সামৰণি
Oplus_131072
- দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত ২ জুনৰ পৰা ৪ জুনলৈ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত।
- লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায় ‘House Listing & Housing Census’ বিষয়ক জিলা পৰ্যায়ৰ প্ৰশিক্ষণ সফলভাৱে সম্পন্ন।
- গণনাকৰ্মী আৰু সংশ্লিষ্ট বিষয়াসকলক তথ্য সংগ্ৰহ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাম-কাজৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান।
- ডিজিটেল পদ্ধতিৰে তথ্য সংগ্ৰহ, তথ্যৰ সঠিকতা আৰু গোপনীয়তা ৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব।
- লোকপিয়ল ২০২৭ সফলভাৱে ৰূপায়ণৰ বাবে প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি অব্যাহত।
- তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি
House Listing & Housing Census সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ উদ্যোগ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ৫ জুন: ভাৰতৰ লোকপিয়ল ২০২৭ সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত ২ জুনৰ পৰা ৪ জুনলৈ অনুষ্ঠিত হোৱা তিনিদিনীয়া প্ৰথম পৰ্যায়ৰ House Listing & Housing Census (HLO) বিষয়ক জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি পৰে।
এই প্ৰশিক্ষণত জড়িত গণনাকৰ্মী, তত্বাৱধায়ক আৰু সংশ্লিষ্ট বিষয়াসকলক লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাৰ্যপদ্ধতি, ঘৰৰ তালিকাভুক্তকৰণ, গৃহ সমীক্ষা, তথ্য সংগ্ৰহৰ পদ্ধতি আৰু ক্ষেত্ৰ পৰ্যায়ত অনুসৰণ কৰিবলগীয়া নিৰ্দেশনাসমূহৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰা হয়।
প্ৰশিক্ষণ কাৰ্যসূচীত ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ, মোবাইল এপ্লিকেচনৰ ব্যৱহাৰ, তথ্যৰ গুণগত মান নিশ্চিতকৰণ আৰু ব্যক্তিগত তথ্যৰ গোপনীয়তা ৰক্ষাৰ বিষয়সমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। অংশগ্ৰহণকাৰীসকলক ক্ষেত্ৰ পৰ্যায়ত উদ্ভৱ হ’ব পৰা বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ ব্যৱহাৰিক দিশসমূহো শিকোৱা হয়।
উল্লেখ্য যে, লোকপিয়ল ২০২৭ দুটা পৰ্যায়ত সম্পন্ন হ’ব। প্ৰথম পৰ্যায়ত House Listing আৰু Housing Censusৰ জৰিয়তে গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা হ’ব। এই তথ্যসমূহ দেশৰ উন্নয়নমূলক পৰিকল্পনা, কল্যাণমূলক আঁচনি আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভিত্তি হিচাপে ব্যৱহৃত হ’ব।
জিলা প্ৰশাসনে আশা প্ৰকাশ কৰিছে যে এই প্ৰশিক্ষণে সংশ্লিষ্ট কৰ্মীসকলক দক্ষভাৱে দায়িত্ব পালন কৰিবলৈ সক্ষম কৰি তুলিব আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায় সুচাৰুৰূপে সম্পন্ন কৰাত সহায়ক হ’ব।
