অসমত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে পুঁজিৰ কোনো অভাৱ নহ’ব: শিৱৰাজ সিং চৌহান
- অসমত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে পুঁজিৰ কোনো অভাৱ নহ’ব বুলি আশ্বাস কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ।
- নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক।
- এমজিএনৰেগাৰ অধীনত অসম চৰকাৰৰ চাহিদা অনুসৰি ধন আবণ্টন কৰা হৈছে।
- চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে পিএমএৱাই-জি সুবিধা নিশ্চিত কৰিবলৈ খোলা হ’ব বিশেষ জৰীপ উইণ্ড’।
- অসমৰ বাবে প্ৰস্তুত কৃষি কাৰ্য পৰিকল্পনাৰ খচৰা মুখ্যমন্ত্ৰীক হস্তান্তৰ।
- ৯ লাখতকৈ অধিক ‘লখপতি বাইদেউ’ সৃষ্টি কৰি লক্ষ্য অতিক্ৰম কৰিছে অসমে।
- দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বৈঠক
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দিল্লীত উচ্চ পৰ্যায়ৰ বৈঠক; এমজিএনৰেগাৰ ধন আবণ্টন, পিএমএৱাই-জিৰ বাবে বিশেষ জৰীপ উইণ্ড’ খোলাৰ ঘোষণা
সমগ্ৰ সমাচাৰ সেৱা
দিল্লী, ৩ জুন: কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰাম্য উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীৰ কৃষি ভৱনত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। বৈঠকত অসমত কৃষি আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে একাধিক গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃত আলোচনা অনুষ্ঠিত হয়।
বৈঠকত শিৱৰাজ সিং চৌহানে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে ধন বা সম্পদৰ কোনো অভাৱ হ’বলৈ দিয়া নহ’ব। কৃষি আন্তঃগাঁথনি পুঁজি (AIF), প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰাম্য (PMAY-G), এমজিএনৰেগা আদি আঁচনিৰ সুফল অধিক সংখ্যক লোকলৈ পোৱাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰই পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে।
গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ সচিব ৰোহিত কান্সালে জনায় যে PMAY-G আৰু এমজিএনৰেগা ব্যৱস্থাৰ কাৰিকৰী জটিলতাসমূহ সম্পূৰ্ণৰূপে সমাধান কৰা হৈছে। অসম চৰকাৰৰ দাবী অনুসৰি এমজিএনৰেগাৰ অধীনত প্ৰয়োজনীয় ধন আবণ্টন কৰা হৈছে
অসম চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ (পট্টা) প্ৰদান কৰাৰ পদক্ষেপক কেন্দ্ৰই প্ৰশংসা কৰে। এই শ্ৰমিকসকলে PMAY-G আঁচনিৰ সুবিধা লাভ কৰিব পৰাকৈ যোগ্য হিতাধিকাৰীৰ নাম ডিজিটেলভাৱে নথিভুক্ত কৰাৰ বাবে এক বিশেষ জৰীপ উইণ্ড’ মুকলি কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
অসমৰ জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা কৃষি কাৰ্য পৰিকল্পনাৰ খচৰা মুখ্যমন্ত্ৰীক হস্তান্তৰ কৰা হয়। লগতে, ৰাজ্যখনত ৯ লাখতকৈ অধিক ‘লখপতি বাইদেউ’ সৃষ্টি কৰি লক্ষ্য অতিক্ৰম কৰাৰ বাবে অসমক প্ৰশংসা কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সহায়ত মহিলা উদ্যোগসমূহ অধিক শক্তিশালী কৰাৰ দিশতো পদক্ষেপ গ্ৰহণ কৰা হ’ব।
বৈঠকত কৃষি যান্ত্ৰিকীকৰণ, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY), তৈলবীজ আৰু তেলপাম মিছন, নতুন বাঁহৰ পলিহাউচ, কীটনাশক আৰু খাদ্যতেল পৰীক্ষাগাৰ স্থাপন আদি বিষয়তো আলোচনা হয়। অসমৰ জৈৱিক কৃষি উৎপাদনসমূহৰ আন্তঃৰাষ্ট্ৰীয় বিপণন আৰু ৰপ্তানিৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাৰ বিষয়েও সিদ্ধান্ত লোৱা হয়।
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ কৃষি আৰু গ্ৰাম্য উন্নয়ন ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াই অহা সহযোগিতাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক ধন্যবাদ জ্ঞাপন কৰে।
