Global Assam News

Global and Local Assam News Website

বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ দেহাৱসান

  • বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ দেহাৱসান
  • গুৱাহাটীত পুৱা ৬:২০ বজাত শেষ নিশ্বাস ত্যাগ
    মৃত্যুৰ সময়ত বয়স আছিল ৯৬ বছৰ
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰিয়দা গগৈ
  • পৰিয়াল, আত্মীয়-স্বজন আৰু শুভাকাংক্ষীৰ মাজত শোকৰ ছাঁ
  • গুৱাহাটীত শেষ নিশ্বাস ত্যাগ

৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ, গুৱাহাটীত পুৱা ৬:২০ বজাত মৃত্যু

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৩ জুন: ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ দেহাৱসান ঘটিছে। মঙলবাৰে পুৱা প্ৰায় ৬:২০ বজাত গুৱাহাটীত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ।

জানিব পৰা মতে, প্ৰিয়দা গগৈ দীৰ্ঘদিন ধৰি বয়সজনিত বিভিন্ন শাৰীৰিক সমস্যাত ভুগি আছিল। চিকিৎসাধীন অৱস্থাতেই গুৱাহাটীত তেওঁ মৃত্যুক সাৱটি লয়। তেওঁৰ মৃত্যুৰ খবৰে পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু শুভাকাংক্ষীৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিছে।

প্ৰিয়দা গগৈৰ মৃত্যুত বিভিন্ন মহলৰ লোকে শোক প্ৰকাশ কৰিছে। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বহু ব্যক্তিয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে।
প্ৰিয়দা গগৈৰ মৃত্যুত অসমৰ ৰাজনৈতিক মহলতো শোকৰ পৰিৱেশৰ সৃষ্টি হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *