Global Assam News

Global and Local Assam News Website

অসমৰ জন্মহাৰ ঐতিহাসিকভাৱে হ্ৰাস, নতুন জনমিতিক পৰ্যায়ত ৰাজ্য

Oplus_131072

  • অসমৰ Total Fertility Rate (TFR) ১.৬লৈ হ্ৰাস পাইছে
  • জন্মহাৰ প্ৰতিস্থাপন স্তৰ ২.১তকৈ যথেষ্ট কম
    নগৰাঞ্চলত TFR মাত্ৰ ১.২, বহু উন্নত দেশৰ সমপৰ্যায়ৰ
  • ২০১৫-১৬ত ২.২ৰ পৰা ২০২৩-২৪ত ১.৬লৈ নামিল জন্মহাৰ
  • শিক্ষাৰ উন্নতি, স্বাস্থ্যসেৱা আৰু গৰ্ভনিৰোধক ব্যৱহাৰ বৃদ্ধিক মুখ্য কাৰণ বুলি ধৰা হৈছে
  • বিশেষজ্ঞসকলৰ মতে, ভৱিষ্যতে কৰ্মক্ষম
  • জনসংখ্যা হ্ৰাস আৰু বৃদ্ধ জনসংখ্যা বৃদ্ধি পাব পাৰে
  • NFHS-6 সমীক্ষাত পোহৰলৈ উদ্বেগজনক ছবি

NFHS-6 সমীক্ষাত উদ্বেগজনক তথ্য; ভৱিষ্যতে সংকুচিত হ’ব পাৰে কৰ্মক্ষম জনশক্তি

সমগ্ৰ সমাচাৰ সেৱা
অসম, ২ জুন: ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (NFHS-6)-ৰ শেহতীয়া তথ্য অনুসৰি অসমে এক নতুন জনমিতিক পৰ্যায়ত প্ৰৱেশ কৰিছে। ৰাজ্যখনৰ Total Fertility Rate (TFR) বা গড় জন্মহাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ১.৬লৈ হ্ৰাস পাইছে, যি প্ৰতিস্থাপন স্তৰ ২.১তকৈ বহু তলত। এই হাৰ ভাৰতৰ সামগ্ৰিক গড় জন্মহাৰ ২.০তকৈও কম।

সমীক্ষা অনুসৰি অসমৰ নগৰাঞ্চলত জন্মহাৰ মাত্ৰ ১.২। এই পৰিসংখ্যা সিঙ্গাপুৰ, দক্ষিণ কোৰিয়া আৰু ইউৰোপৰ কেইবাখনো উন্নত দেশৰ জন্মহাৰৰ সৈতে তুলনীয়। জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত এই পৰিৱৰ্তনক বিশেষজ্ঞসকলে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰিছে।
NFHS-4 (২০১৫-১৬) অনুসৰি অসমৰ TFR আছিল ২.২। পৰৱৰ্তী NFHS-5 (২০১৯-২১)-ত ই ১.৯লৈ নামি আহিছিল। এতিয়া NFHS-6 (২০২৩-২৪)-ত এই হাৰ ১.৬লৈ হ্ৰাস পোৱাটোৱে ৰাজ্যখনৰ জনসংখ্যাগত ধাৰাত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিছে।

বিশেষজ্ঞসকলৰ মতে, শিক্ষাৰ হাৰ বৃদ্ধি, স্বাস্থ্যসেৱাৰ উন্নতি, গৰ্ভনিৰোধক সামগ্ৰীৰ অধিক ব্যৱহাৰ, লগতে বিবাহ আৰু সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত মহিলাসকলৰ বয়স বৃদ্ধি পোৱাই এই পৰিৱৰ্তনৰ মূল কাৰণ। সমীক্ষা অনুসৰি বিবাহিত মহিলাসকলৰ মাজত গৰ্ভনিৰোধক ব্যৱহাৰৰ হাৰ ৭১ শতাংশলৈ বৃদ্ধি পাইছে আৰু কিশোৰী মাতৃত্বৰ ঘটনাও যথেষ্ট হ্ৰাস পাইছে।

যদিও জন্মহাৰ হ্ৰাসক বহু ক্ষেত্ৰত সামাজিক উন্নয়নৰ সূচক হিচাপে গণ্য কৰা হয়, তথাপি বিশেষজ্ঞসকলে সতৰ্কবাণী উচ্চাৰণ কৰিছে যে ইয়াৰ ফলত ভৱিষ্যতে কৰ্মক্ষম যুৱ জনসংখ্যা সংকুচিত হ’ব পাৰে। আনহাতে বৃদ্ধ নাগৰিকৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাব পাৰে। সেই প্ৰেক্ষাপটত দক্ষতা বিকাশ, কৰ্মসংস্থান, স্বাস্থ্যসেৱা আৰু সামাজিক সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনোৱা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *