Global Assam News

Global and Local Assam News Website

ভাৰতৰ নিজস্ব এআই সক্ষমতা শক্তিশালী কৰিবলৈ অগ্ৰগতি

  • ২০২৪ চনত আৰম্ভ কৰা হৈছিল ইণ্ডিয়া এআই মিছন
  • এআইকোশা প্লেটফৰ্মত উপলব্ধ হৈছে বিভিন্ন এআই মডেল আৰু ডাটাছেট
  • আইগট কৰ্মযোগীত ১৭৬টাতকৈ অধিক এআই পাঠ্যক্ৰম
  • ৩৮,০০০তকৈ অধিক GPU সুবিধা প্ৰদানৰ ব্যৱস্থা 

সাৰ্বম এআই(Sarvam AI), ভাৰতজেন(BharatGen), জ্ঞানী(Gnani), আৰু চকেট(Socket) ৰ দৰে স্বদেশী এআই মডেল উদ্বোধন

সমগ্ৰ সামাচাৰ সেৱা
দিল্লী , ১৩ এপ্ৰিল: কেন্দ্ৰীয় চৰকাৰৰ ইণ্ডিয়া এআই মিছনৰ জৰিয়তে ভাৰতত Artificial Intelligence ক্ষেত্ৰত এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। এই অভিযানৰ উদ্দেশ্য হৈছে এআই প্ৰযুক্তিৰ সহজ প্ৰৱেশ, উদ্ভাৱন উন্নয়ন আৰু দেশীয় সমস্যাসমূহৰ সমাধানত এআই ব্যৱহাৰ বৃদ্ধি কৰা।
এআইকোশা প্লেটফৰ্মে উন্নয়নৰ নতুন দুৱাৰ মুকলি

এআইকোশা হৈছে এক ডাটাছেট আৰু এআই মডেলৰ প্লেটফৰ্ম, য’ত স্বাস্থ্য, কৃষি আৰু শিক্ষা আদি বিভিন্ন ক্ষেত্ৰৰ তথ্য উপলব্ধ। ইয়াত বাংলা, গুজৰাটি, কানাড়া আৰু মালয়ালম ভাষাত Text-to-Speech মডেলো সংযোজন কৰা হৈছে। লগতে API-based access আৰু AI Sandbox সুবিধাও প্ৰদান কৰা হৈছে।

আইগট কৰ্মযোগী প্লেটফৰ্মত এআই শিক্ষাৰ বিস্তাৰ

আইগট কৰ্মযোগী প্লেটফৰ্মত বৰ্তমান ১৭৬টাতকৈ অধিক এআই আৰু Emerging Technology বিষয়ক পাঠ্যক্ৰম উপলব্ধ। এতিয়ালৈকে এই পাঠ্যক্ৰমসমূহত প্ৰায় ৭২ লাখতকৈ অধিক ভৰ্তি আৰু ৫৩ লাখতকৈ অধিক সম্পূৰ্ণকৰণ ৰেকৰ্ড হৈছে। “YUVA AI for All” পাঠ্যক্ৰমটোও ইংৰাজী আৰু হিন্দীত উপলব্ধ।

স্বদেশী এআই মডেল আৰু বিশ্ব বজাৰত ভাৰতীয় Startupৰ অগ্ৰগতি

সাৰ্বম এআই(Sarvam AI),ভাৰতজেন (BharatGen), জ্ঞানী(Gnani),আৰু চকেট(Socket) ৰ দৰে সংস্থাই উন্নয়ন কৰা AI মডেলসমূহ IndiaAI Impact Summit 2026ত উদ্বোধন কৰা হয়। এই মডেলসমূহে ভাৰতীয় ভাষাৰ কামত উন্নত প্ৰদৰ্শন দেখুৱাইছে।

তাৰ উপৰি Station F আৰু HEC Parisৰ সহযোগত ১০টা ভাৰতীয় AI startupক ইউৰোপীয় বজাৰত প্ৰৱেশৰ সুযোগ প্ৰদান কৰা হৈছে।

এআই কম্পিউটিং আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰচেষ্টা

ইণ্ডিয়া এআই মিছনৰ অধীনত ১৪টা এআই সেৱা প্ৰদানকাৰীৰ জৰিয়তে ৩৮,০০০তকৈ অধিক GPU সুবিধা উপলব্ধ কৰা হৈছে। দেশৰ বিভিন্ন ডাটা চেণ্টাৰ—মুম্বাই, হায়দৰাবাদ, বেংগালুৰু আৰু নয়ডা আদি স্থানত এই সেৱা প্ৰদান কৰা হৈছে। লগতে আৰু ২০,০০০ GPU সংযোজনৰ প্ৰক্ৰিয়া চলি আছে।

এই পদক্ষেপসমূহে ভাৰতক এআই ক্ষেত্ৰত বিশ্ব মানচিত্ৰত এক শক্তিশালী স্থান প্ৰদান কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *