ৱানখেড়ে ষ্টেডিয়ামত : ২৪১ ৰানৰ লক্ষ্যত ব্যৰ্থ পাণ্ডিয়া বাহিনী
- পৰাজয় স্বীকাৰ: ২০২৬ আইপিএলত আৰচিবিৰ হাতত পৰাজিত হৈ দলৰ দুৰ্বলতাৰ কথা স্বীকাৰ কৰিলে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই।
- নতুন বিকল্প: ধাৰাবাহিক বেয়া প্ৰদৰ্শনৰ পিছত এতিয়া দলত নতুন খেলুৱৈক সুযোগ দিয়াৰ পৰিকল্পনা কৰিছে মুম্বাই ইণ্ডিয়ানছে।
- উভয় বিভাগত ব্যৰ্থতা: ২৪১ ৰানৰ বৃহৎ লক্ষ্য খেদিবলৈ গৈ বেটিং আৰু বলিং—দুয়োটা বিভাগতে মুম্বাই দলটো বিফল হোৱা বুলি হাৰ্দিকে মন্তব্য কৰে।
- দলৰ ৰিছেট: আগন্তুক মেচসমূহৰ পূৰ্বে দলৰ সংমিশ্ৰণ আৰু কৌশলৰ পুনৰ মূল্যায়ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছে অধিনায়
সসগ্ৰ সমাচাৰ সেৱা
মুম্বাই, ১৩ এপ্ৰিল:
ৱানখেড়ে ষ্টেডিয়ামত মুম্বাইৰ বিপৰ্যয়: ২৪১ ৰানৰ লক্ষ্যত ব্যৰ্থ পাণ্ডিয়া বাহিনী আৰচিবিৰ বিৰুদ্ধে পৰাজয়ৰ পিছতে মুম্বাই ইন্ডিয়ানছৰ অধিনায়ক হার্দিক পাণ্ডিয়াই দলটোৰ অভাৱ স্বীকাৰ কৰিছে। তেওঁ ইংগিত দিছিল যে দলটোৱে এতিয়া নতুন বিকল্পৰ কথা বিবেচনা কৰিব।
আই পি এল ২০২৬ ত দেওবাৰে মুম্বাইৰ ৱানখেড়ে স্টেডিয়ামত ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইন্ডিয়ানছ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত আন এক পৰাজয়ৰ পাছত অধিনায়ক হার্দিক পাণ্ডিয়াই স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে যে তেওঁৰ দলটোৱে উত্তৰ বিচাৰি আছে।
হার্দিক পাণ্ডিয়াই কয় যে, এই বিপর্যয়ৰ পিছত এতিয়া দলটোরে বিকল্প বিচাৰিব। তেওঁৰ এই মন্তব্যটোরে এনেকুৱা লাগিছে যে, মুম্বাই দলে প্রথম চাৰিখন মেচত বেয়া প্ৰদৰ্শন কৰা খেলুৱৈক আৰু কোনো সুযোগ দিবলৈ ইচ্ছুক নহয়। আগন্তুক মেচসমূহত উল্লেখযোগ্য পৰিৱৰ্তন দেখা যাব পাৰে।
২৪১ ৰানৰ বৃহৎ লক্ষ্য খেদি মুম্বাই দলটোৱে আৰম্ভণিৰে পৰাই পিছ পৰি থকা যেন দেখা গৈছিল।
দলটোৰ প্ৰদৰ্শনৰ ওপৰত চিন্তা কৰি হার্দিকে দুয়োটা বিভাগৰ সমস্যাসমূহ আঙুলিয়াই দিয়ে। তেওঁ কয় যে, আমি বহুত উইকেট হেৰুৱালোঁ, আৰু একে সময়তে, আমি বহুত ৰান দিলোঁ। খেলত আমি সদায় পিছ পৰি আছিলো। তেওঁ কয় যে যোৱা কেইখনমান মেচত বলিং বা বেটিং ইউনিট হিচাপে তেওঁলোকে অগ্রগতি লোৱাতকৈ কেৱল খেলখনক ধৰি ৰাখিবলৈ চেষ্টা কৰি আহিছে।
হার্দিক পাণ্ডিয়াই জোৰ দি কয় যে এতিয়া ‘ৰিছেট’ৰ প্ৰয়োজন। তেওঁ কয় যে, “আমি সঁচাকৈয়ে চিন্তা কৰাটো প্রয়োজন যে আমি সকলোতকৈ ভাল প্ৰদৰ্শন কৰিব পাৰো আৰু আমাক যিটো ছন্দৰ প্ৰয়োজন আছে সেইটো কেনেকৈ বিচাৰি পাম। পৰৱৰ্তী মেচৰ পূৰ্বে দলটোৱে বেটিং আৰু বলিং দুয়োটা সংমিশ্ৰণৰ পুনৰ মূল্যায়ন কৰিব বুলিও তেওঁ কয়।
