November 22, 2026

Global Assam News

Global and Local Assam News Website

শ্বিলঙত চেৰী ব্লছম ফেষ্টিভেলৰ উন্মাদনা
  • শ্বিলঙত দুদিনীয়া চেৰী ব্লছম ফেষ্টিভেল অনুষ্ঠিত।

  • নেলী, খালিদ আৰু দৰ্শন ৰাৱালৰ সংগীত পৰিৱেশন।

  • খাছি, জয়ন্তীয়া আৰু গাৰো খাদ্যৰ বিশেষ আকৰ্ষণ।

  • উত্তৰ-পূবৰ সংস্কৃতি আৰু পৰ্যটনক বিশ্ব দৰবাৰত তুলি ধৰাৰ প্ৰয়াস।

সমগ্ৰ সমাচাৰ সেৱা

শ্বিলং, ২২ নৱেম্বৰ: বিশ্ব সংগীত, উত্তৰ-পূৰ্বাঞ্চলৰ চহকী সংস্কৃতি আৰু পৰম্পৰাগত খাদ্যৰ সমাহাৰে আকৰ্ষণীয় ৰূপ লাভ কৰিলে ২০২৬ বৰ্ষৰ শ্বিলং চেৰী ব্লছম ফেষ্টিভেলে। ২০ আৰু ২১ নৱেম্বৰত মেঘালয়ৰ ভৈৰিমবঙৰ মদন কুৰকালাং স্পৰ্টছ কমপ্লেক্সত দুদিনীয়াকৈ অনুষ্ঠিত এই উৎসৱত দেশ-বিদেশৰ সংগীতপ্ৰেমীৰ ব্যাপক সমাগম ঘটে।

আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ সংগীতে মুহিলে দৰ্শকক

এইবাৰৰ উৎসৱত আন্তঃৰাষ্ট্ৰীয় শিল্পী নেলী, খালিদ, ছোৱে লী, বয়ছ লাইক গাৰ্লছ আৰু গেলাণ্টিছৰ লগতে ভাৰতীয় সংগীতশিল্পী দৰ্শন ৰাৱালে সংগীত পৰিৱেশন কৰে। বিভিন্ন দেশৰ সংগীতৰ সৈতে স্থানীয় শিল্পীসকলেও নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰে।

উত্তৰ-পূবৰ খাদ্য আৰু সংস্কৃতিৰ বিশেষ আকৰ্ষণ

সংগীতৰ উপৰি উৎসৱস্থলীত খাছি, জয়ন্তীয়া আৰু গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ বিপণীয়ে বিশেষ আকৰ্ষণ সৃষ্টি কৰে। লগতে স্থানীয় হস্তশিল্প, থলুৱা সামগ্ৰী, কলা-সংস্কৃতি আৰু বিভিন্ন মনোৰঞ্জনমূলক কাৰ্যসূচীয়ে উৎসৱটোক অধিক বৈচিত্ৰ্যময় কৰি তোলে।

উৎসৱ আয়োজকসকলৰ মতে, শ্বিলঙক আন্তঃৰাষ্ট্ৰীয় সংগীত আৰু পৰ্যটনৰ অন্যতম আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে স্থানীয় শিল্পী আৰু ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাই এই অনুষ্ঠানৰ অন্যতম লক্ষ্য।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *