অসমত PWD বিভাগৰ নতুন নামকৰণ, প্ৰশাসনিক পুনৰ্গঠন
-
অসমৰ PWD (Roads) বিভাগৰ নাম সলনি।
-
নতুন নাম Public Works (Roads & National Highways) Department।
-
ৰাষ্ট্ৰীয় ঘাইপথ শাখা পথ বিভাগৰ সৈতে সংযুক্ত।
-
PWD (Building) বিভাগ পৃথকভাৱে কাৰ্যকৰী হ’ব।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২২ নৱেম্বৰ: অসম চৰকাৰে লোকনিৰ্মাণ বিভাগ (PWD)ৰ প্ৰশাসনিক পুনৰ্গঠনৰ অংশ হিচাপে পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ নাম সলনি কৰিছে। নতুন ব্যৱস্থা অনুসৰি, PWD (Roads) বিভাগৰ নাম সলনি কৰি Public Works (Roads & National Highways) Department কৰা হৈছে।
ৰাষ্ট্ৰীয় ঘাইপথ শাখা পথ বিভাগৰ সৈতে সংযুক্ত
প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, নীতি আৰু পৰিকল্পনা বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি, পূৰ্বৰ Public Works (Building & National Highway) Department-ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ শাখাটো পৃথক কৰি PWD (Roads) বিভাগৰ সৈতে সংযুক্ত কৰা হৈছে।
আনহাতে, পূৰ্বৰ PWD (Building & National Highway) বিভাগৰ নাম সলনি কৰি Public Works (Building) Department ৰখা হৈছে। এই সিদ্ধান্তৰ লক্ষ্য হৈছে পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাম-কাজ অধিক সুসংগঠিতভাৱে পৰিচালনা কৰা।
সকলো কাৰ্যালয়লৈ নতুন নাম ব্যৱহাৰৰ নিৰ্দেশ
চৰকাৰে সংশ্লিষ্ট সকলো কাৰ্যালয়ক নতুন নাম অনুসৰি লেটাৰহেড, ছীল, চাইনব’ৰ্ড, নামফলক, চৰকাৰী নথি-পত্ৰ আৰু ৱেবছাইট আপডেট কৰিবলৈ নিৰ্দেশ দিছে।
ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত চলি থকা প্ৰকল্প, চুক্তি আৰু অন্যান্য কাম-কাজ এতিয়াৰে পৰা নতুন বিভাগটোৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থাকিব। এই পৰিৱৰ্তনৰ ফলত চলি থকা উন্নয়নমূলক কাম-কাজ যাতে ব্যাহত নহয়, তাৰ প্ৰতিও চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।
