ডিব্ৰুগড়ৰ বিধানসভা চৌহদৰ নিৰ্মাণকাৰ্য পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
- ডিব্ৰুগড়ত নিৰ্মাণাধীন দ্বিতীয় বিধানসভা চৌহদ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ।
- প্ৰকল্পটো ৩০ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য।
- বিধানসভা ভৱন, বিধায়কৰ আৱাস আৰু ৮০০ আসনৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব।
- খানিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কামো পৰ্যালোচনা।
সমগ্ৰ সমাচাৰ সেৱা
ডিব্ৰুগড়, ১৫ অক্টোবৰ: অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ডিব্ৰুগড়ৰ খানিকৰত নিৰ্মাণাধীন দ্বিতীয় অসম বিধানসভা চৌহদৰ কাম-কাজ পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত উন্নত মান বজাই ৰাখি নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
৩০ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য
প্ৰায় ৬৩ বিঘা ভূমিত নিৰ্মাণাধীন এই বিধানসভা চৌহদত মূল বিধানসভা ভৱন, বিধায়কৰ আৱাস, ৮০০ আসনবিশিষ্ট প্ৰেক্ষাগৃহ, সচিবালয় আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধা থাকিব। প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে ৩০ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে।
পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে কামৰ গতি বৃদ্ধি কৰিবলৈ আৰু নিৰ্মাণৰ মানদণ্ড অক্ষুণ্ণ ৰাখিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।
খানিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰো পৰ্যালোচনা
বিধানসভা চৌহদ পৰিদৰ্শনৰ পিছত মুখ্যমন্ত্ৰীয়ে খানিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণকাৰ্যও পৰ্যালোচনা কৰে। ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ প্ৰকল্পটোৰ কাম ত্বৰান্বিত কৰাৰ লগতে খেলুৱৈসকলৰ প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাত অংশগ্ৰহণৰ উপযোগী আধুনিক সুবিধা গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়ে।
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ সৈতে এই বিধানসভা চৌহদৰ প্ৰকল্পটো জড়িত। ইয়াৰ জৰিয়তে উজনি অসমৰ প্ৰশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে।
