অসমত ৪৩৯গৰাকী প্ৰাৰ্থীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান
-
৪৩৯গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান।
-
চাৰিটা চৰকাৰী বিভাগত নিযুক্তি।
-
অসম সমবায় এপেক্স বেংকত ১৭৫টা পদত নিযুক্তি।
-
দুটা কাৰ্যকালত মুঠ নিযুক্তিৰ সংখ্যা ১,৬৫,৭৪৯।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৩ অক্টোবৰ: অসমত ৪৩৯গৰাকী প্ৰাৰ্থীক বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰাৰ্থীসকলৰ হাতত নিযুক্তি পত্ৰসমূহ তুলি দিয়া হয়। এই নিযুক্তিৰ ফলত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দুটা কাৰ্যকালত মুঠ চৰকাৰী নিযুক্তিৰ সংখ্যা ১,৬৫,৭৪৯লৈ বৃদ্ধি পাইছে।
চাৰিটা বিভাগত নিযুক্তি
এইবাৰৰ নিযুক্তিসমূহ সহযোগিতা, শ্ৰম কল্যাণ, জনস্বাস্থ্য কাৰিকৰী আৰু জলসম্পদ বিভাগত কৰা হৈছে। ইয়াৰ ভিতৰত অসম সমবায় এপেক্স বেংকত ১৭৫টা পদত নিযুক্তি দিয়া হৈছে। শ্ৰম কল্যাণ বিভাগত কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত ১২গৰাকী বীমা চিকিৎসা বিষয়াক নিযুক্তি দিয়া হৈছে।
আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগত ১৮৪গৰাকী কনিষ্ঠ অভিযন্তা আৰু জলসম্পদ বিভাগত ৫২গৰাকী সহকাৰী অভিযন্তা তথা ১৬গৰাকী কনিষ্ঠ অভিযন্তাক নিযুক্তি দিয়া হৈছে।
নৱনিযুক্ত কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ আহ্বান
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক সততা আৰু নিষ্ঠাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। চৰকাৰী চাকৰি লাভ কৰাটোৱেই জীৱনৰ একমাত্ৰ লক্ষ্য হ’ব নালাগে বুলি উল্লেখ কৰি তেওঁ জনসাধাৰণৰ সেৱাক কৰ্মজীৱনৰ মূল উদ্দেশ্য হিচাপে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।
তেওঁ লগতে চৰকাৰী কাৰ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি কৰ্মচাৰীসকলক নতুন প্ৰযুক্তিৰ সৈতে খাপ খুৱাই দক্ষতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।
ৰাজ্য চৰকাৰে নতুন নিযুক্তিৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰাৰ লগতে বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ অভাৱ পূৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
