নামেৰিত শিক্ষাৰ্থীৰ বাবে ‘ৱাইল্ড ক্লাছৰুম’ আৰম্ভ অসম বন বিভাগৰ
-
অসম বন বিভাগৰ নতুন পৰিৱেশ শিক্ষাৰ পদক্ষেপ।
-
অষ্টম শ্ৰেণী আৰু তাৰ ওপৰৰ শিক্ষাৰ্থীৰ বাবে কাৰ্যসূচী।
-
বনভ্ৰমণ, চৰাই নিৰীক্ষণ আৰু নদীৰ পৰিৱেশতন্ত্ৰৰ বিষয়ে শিক্ষা।
-
দুদিনীয়া আৰু তিনিদিনীয়া আৱাসিক কাৰ্যসূচীৰ ব্যৱস্থা।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১১ অক্টোবৰ: শ্ৰেণীকোঠাৰ চাৰিবেৰৰ বাহিৰত প্ৰকৃতিৰ মাজত শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদানৰ লক্ষ্যৰে অসম বন বিভাগে নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ‘নামেৰি ৱাইল্ড ক্লাছৰুম’ নামৰ এক বিশেষ শিক্ষামূলক কাৰ্যসূচী আৰম্ভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে শিক্ষাৰ্থীসকলে বনাঞ্চল, বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়ে প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিব পাৰিব।
অষ্টম শ্ৰেণীৰ পৰা শিক্ষাৰ্থীয়ে ল’ব পাৰিব অংশ
বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কাৰ্যসূচীৰ কথা ঘোষণা কৰে। অষ্টম শ্ৰেণী আৰু তাৰ ওপৰৰ বিদ্যালয়ৰ শিক্ষাৰ্থী তথা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই কাৰ্যসূচী মুকলি কৰা হৈছে। ইয়াৰ অধীনত দুদিনীয়া আৰু তিনিদিনীয়া আৱাসিক শিক্ষামূলক কাৰ্যসূচীৰ ব্যৱস্থা থাকিব।
প্ৰকৃতিৰ মাজত হাতে-কামে শিক্ষা
এই কাৰ্যসূচীত চৰাই নিৰীক্ষণ, বনাঞ্চলত পদযাত্ৰা, বন্যপ্ৰাণীৰ উপস্থিতিৰ চিনাক্তকৰণ আৰু নদীৰ পৰিৱেশতন্ত্ৰৰ বিষয়ে শিকাৰ সুযোগ থাকিব। লগতে জীয়া-ভৰলী নদীত ৰাফটিং আৰু স্থানীয় জনগোষ্ঠীৰ পৰম্পৰা-সংস্কৃতিৰ বিষয়েও জানিবলৈ পাৰিব শিক্ষাৰ্থীসকলে।
প্ৰকৃতিবিদ আৰু বন বিভাগৰ কৰ্মচাৰীসকলে শিক্ষাৰ্থীসকলক বিভিন্ন কাৰ্যকলাপত সহায় কৰিব। অংশগ্ৰহণকাৰীসকলে নিজৰ পৰ্যবেক্ষণ লিপিবদ্ধ কৰাৰ লগতে কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পিছত প্ৰমাণপত্ৰ লাভ কৰিব।
এই পদক্ষেপে শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধি আৰু অসমৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ প্ৰতি দায়িত্ববোধ গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে।
