ভূটানৰ সৈতে উত্তৰ-পূবৰ সামুদ্ৰিক সংযোগত সোণোৱালৰ গুৰুত্ব
- ভূটানৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব
- ব্ৰহ্মপুত্ৰক বাণিজ্যিক জলপথ হিচাপে উন্নয়ন
- বাংলাদেশসহ চুবুৰীয়া দেশলৈ বাণিজ্যিক সুযোগ বৃদ্ধি
- উত্তৰ-পূৰ্বাঞ্চলক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কৰিডৰ হিচাপে গঢ় দিয়াৰ লক্ষ্য
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৮ অক্টোবৰ: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে ভূটানৰ বাণিজ্যিক আৰু সামুদ্ৰিক সংযোগ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শেহতীয়াকৈ অঞ্চলটোৰ জলপথ উন্নয়নৰ জৰিয়তে বাংলাদেশ, ভূটান আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে বাণিজ্যিক যোগাযোগ বৃদ্ধিৰ সম্ভাৱনাৰ কথা তেওঁ উল্লেখ কৰে।
ব্ৰহ্মপুত্ৰক বাণিজ্যিক কৰিডৰ হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা
সোণোৱালে উল্লেখ কৰে যে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী ব্যৱস্থাক কৌশলগত লজিষ্টিক কৰিডৰ হিচাপে উন্নত কৰা হৈছে। অসমত জোগীঘোপা আৰু বগীবিলৰ দৰে জলপথ টাৰ্মিনেলে উত্তৰ-পূৰ্বাঞ্চলক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিছে।
ভূটানসহ চুবুৰীয়া দেশৰ সৈতে বাণিজ্য বৃদ্ধিৰ সম্ভাৱনা
শেহতীয়াকৈ বগীবিলৰ পৰা বাংলাদেশলৈ ৫৪০ মেট্ৰিক টন মিথানল কঢ়িওৱা আন্তঃৰাষ্ট্ৰীয় কাৰ্গো যাত্ৰাই ব্ৰহ্মপুত্ৰক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পথ হিচাপে পুনৰ ব্যৱহাৰৰ সম্ভাৱনা উজ্জ্বল কৰিছে। সোণোৱালে কয় যে জলপথৰ উন্নয়নে উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক সংযোগ ভূটান, বাংলাদেশ, নেপাল আৰু ম্যানমাৰলৈ অধিক শক্তিশালী কৰিব পাৰে।
