গুৱাহাটীত ২৪ ঘণ্টাত ১৮ বাংলাদেশী নাগৰিক আটক
- গুৱাহাটীত ২৪ ঘণ্টাত ১৮জন বাংলাদেশী নাগৰিক আটক।
- ৰে’ল ষ্টেচনৰ পৰা ৫জনক আটক কৰা হয়।
- হোটেলৰ পৰা ১৩জন বাংলাদেশী নাগৰিক আটক।
- অবৈধ প্ৰৱেশৰ অভিযোগত আৰক্ষীৰ তদন্ত আৰু আইনগত প্ৰক্ৰিয়া অব্যাহত।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৭ অক্টোবৰ: গুৱাহাটীত আৰক্ষীয়ে পৃথক অভিযান চলাই বিগত ২৪ ঘণ্টাত ১৮জন বাংলাদেশী নাগৰিকক আটক কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, আটকাধীন লোকসকলে বৈধ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ আৰু অৱস্থান কৰিছিল বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। তেওঁলোকৰ বিৰুদ্ধে আইনগত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
ৰে’ল ষ্টেচনত ৫জনক আটক
৬ অক্টোবৰ পুৱা-দুপৰীয়া গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষী থানাৰ সীমাৰ অধীনত থকা ৰে’ল ষ্টেচনত নিয়মীয়া তালাচীৰ সময়ত লোকমান্য তিলক টাৰ্মিনেল এক্সপ্ৰেছৰ সাধাৰণ ডবাৰ পৰা ৪গৰাকী মহিলা আৰু এজন পুৰুষসহ মুঠ ৫জন বাংলাদেশী নাগৰিকক আটক কৰা হয়।
আৰক্ষীয়ে তেওঁলোকৰ পৰা তিনিখন আধাৰ কাৰ্ড উদ্ধাৰ কৰে। ইয়াৰে এখন আধাৰ নম্বৰ প্ৰকৃত বুলি জানিব পৰা গৈছে। জেৰাৰ সময়ত তেওঁলোকে বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰ কৰাৰ লগতে কৰ্মসংস্থাপনৰ সন্ধানত মুম্বাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
হোটেলৰ পৰা ১৩জন আটক
আন এটা অভিযানত গুৱাহাটীৰ এখন হোটেলৰ পৰা ৪জন পুৰুষ, ৪গৰাকী মহিলা আৰু ৫টা শিশুসহ মুঠ ১৩জন বাংলাদেশী নাগৰিকক আটক কৰা হয়। আৰক্ষীৰ মতে, এই দলটো দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল।
আৰক্ষীয়ে অভিযোগ কৰিছে যে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা লোকসকলক হোটেলত আশ্ৰয় দিয়াৰ ঘটনাৰ সৈতে কিছুমান লোকৰ সম্পৰ্ক থাকিব পাৰে। এই সন্দৰ্ভত ইতিমধ্যে এখন গোচৰ ৰুজু কৰি হোটেলৰ মালিকসহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্ত অব্যাহত আছে।
