October 16, 2026

Global Assam News

Global and Local Assam News Website

নিমিষা মৃত্যুৰ তদন্তত নতুন মোৰ, ৰূপম শইকীয়াৰ সন্ধানত আৰক্ষী

নিমিষা মৃত্যুৰ তদন্তত নতুন মোৰ, ৰূপম শইকীয়াৰ সন্ধানত আৰক্ষী
  • নিমিষা গোচৰত নতুন তথ্য পোহৰলৈ আহিছে।
  • ৰূপম শইকীয়া নামৰ যুৱকজন সন্ধানহীন।
  • তেওঁৰ মোবাইলৰ শেষ অৱস্থান ৰামপুৰত পোৱা গৈছে।
  • আন এজনকো আৰক্ষীয়ে জিম্মাত লৈ জেৰা চলাইছে।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: গুৱাহাটীৰ গৰালস্থিত হোমষ্টেত গৌহাটি বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ ঘটনাৰ তদন্তত নতুন তথ্য পোহৰলৈ আহিছে। ঘটনাৰ নিশা নিমিষা আৰু মূল অভিযুক্ত আশিক আলীৰ সৈতে হোমষ্টেত উপস্থিত থকা বুলি জানিব পৰা ৰূপম শইকীয়া নামৰ এজন যুৱক বৰ্তমান সন্ধানহীন হৈ আছে। আৰক্ষীয়ে তেওঁৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।

ঘটনাৰ নিশা হোমষ্টেত আছিল ৰূপম

আৰক্ষীৰ তথ্য অনুসৰি, বায়হাটা চাৰিআলিৰ বাসিন্দা ৰূপম শইকীয়াই ঘটনাৰ নিশা নিমিষা আৰু আশিক আলীৰ সৈতে হোমষ্টেত মদ্যপান কৰিছিল বুলি তদন্তত পোহৰলৈ আহিছে। তেওঁ নিশা প্ৰায় ১০ বজাত ঘৰলৈ উভতি গৈছিল।

পৰিয়ালৰ মতে, পিছত আত্মীয়ৰ মৃত্যুৰ খবৰ পাই তেওঁ মিৰ্জালৈ গৈছিল আৰু পিছদিনা ঘৰলৈ উভতি আহিছিল।

আদাবাৰীলৈ যোৱাৰ পিছত সন্ধানহীন

পৰিয়ালৰ ভাষ্য অনুসৰি, পিছদিনা সন্ধিয়া ৰূপমে নিজৰ মটৰচাইকেলেৰে আদাবাৰীলৈ ওলাই যায়। তাৰ পিছৰে পৰা পৰিয়ালে তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা নাই। পৰৱৰ্তী সময়ত তেওঁৰ মাতৃয়ে জলুকবাৰী আৰক্ষী থানাত সন্ধানহীনৰ অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে তদন্ত চলাই ৰূপমৰ মোবাইল ফোনৰ শেষ অৱস্থান ৰামপুৰৰ এটা কোম্পানীৰ পিছফালৰ পথাৰত বুলি জানিব পাৰে। ফোনটো তেতিয়াৰ পৰা বন্ধ হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আন এজনকো জিম্মাত লৈ জেৰা

ইফালে, ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত নিটু আলী নামৰ আন এজন ব্যক্তিক আৰক্ষীয়ে জিম্মাত লৈ জেৰা চলাইছে। তেওঁ বায়হাটা চাৰিআলিৰ বাসিন্দা আৰু নিমিষা আৰু আশিকক হোমষ্টেত সুৰা যোগান ধৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

নিমিষাক গৰালৰ হোমষ্টেত অচেতন অৱস্থাত উদ্ধাৰ কৰাৰ পিছত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মূল অভিযুক্ত আশিক আলী বৰ্তমান আৰক্ষীৰ ৮ দিনীয়া জিম্মাত আছে আৰু ঘটনাটোৰ সকলো দিশ তদন্ত কৰি থকা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *