অশোক সিংঘলজীৰ জন্ম শতাব্দী বৰ্ষ উদযাপনৰ আয়োজন
- ৪ অক্টোবৰত অশোক সিংঘলজীৰ জন্ম শতাব্দী বৰ্ষ উদযাপন
- গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব অনুষ্ঠান
- বিশিষ্ট ব্যক্তি আৰু বিশ্ব হিন্দু পৰিষদৰ বিষয়ববীয়াৰ অংশগ্ৰহণ
- সংবাদ মেলত অশোক সিংঘলজীৰ জীৱন আৰু দেশসেৱাৰ বিষয়ে আলোচনা
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২৫ ছেপ্টেম্বৰ: বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ সৌজন্যত পৰম শ্ৰদ্ধেয় অশোক সিংঘলজীৰ জন্ম শতাব্দী বৰ্ষ উদযাপনৰ আয়োজন কৰা হৈছে। অহা ৪ অক্টোবৰ, ২০২৬ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিয়লি ৪ বজাৰ পৰা এই অনুষ্ঠান অনুষ্ঠিত হ’ব।
বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ
অনুষ্ঠানত উত্তৰ কমলাবাৰী সত্ৰ, মাজুলীৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দনদেৱ গোস্বামী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী শ্ৰীযুত অশোক সিংঘল বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সহ-সংগঠন মন্ত্ৰী শ্ৰীযুত বিনায়ক ৰাও দেশপাণ্ডে মুখ্য বক্তা হিচাপে উপস্থিত থাকিব।
সংবাদ মেলত অশোক সিংঘলৰ জীৱন-কৃতিৰ স্মৰণ
অনুষ্ঠানৰ বিষয়ে অৱগত কৰিবলৈ গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি চবিন ৰাজখোৱাৰ সঞ্চালনাত অনুষ্ঠিত সংবাদ মেলত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ সভাপতি পৰমেশ দত্তই অশোক সিংঘলজীৰ জীৱন আৰু দেশসেৱাৰ বিষয়ে আলোকপাত কৰে।
তেওঁ কয় যে অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিও অশোক সিংঘলজীয়ে চাকৰিৰ মোহ ত্যাগ কৰি দেশসেৱাৰ কামত আত্মনিয়োগ কৰিছিল। অযোধ্যাত শ্ৰীশ্ৰীৰাম মন্দিৰ নিৰ্মাণ আৰু সনাতনী পৰম্পৰা সংৰক্ষণৰ ক্ষেত্ৰতো তেওঁৰ ভূমিকা উল্লেখ কৰে।
সংবাদ মেলত বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী ক্ষেত্ৰৰ বিশেষ সম্পৰ্ক প্ৰমুখ পল্লৱ পৰাশৰেও অশোক সিংঘলজীৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে বক্তব্য আগবঢ়ায়। গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি চবিন ৰাজখোৱাই সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক ৪ অক্টোবৰৰ অনুষ্ঠানৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।
