October 16, 2026

Global Assam News

Global and Local Assam News Website

হাড়গিলা সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনলৈ বিশেষ সন্মান

হাড়গিলা সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনলৈ বিশেষ সন্মান
  •  ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ বিশেষ সন্মান।
  • হাড়গিলা সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা।
  • গ্ৰাম্য মহিলাৰ সবলীকৰণত বিশেষ পদক্ষেপ।
  • ২০২৬ত আন এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি।

সমগ্ৰ সমাচাৰ সেৱা

নতুন দিল্লী,২৩ ছেপ্টেম্বৰ: অসমৰ বিশিষ্ট বন্যপ্ৰাণী জীৱবিজ্ঞানী তথা সংৰক্ষণবিদ ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হৈছে বিজনেছলাইন বৰ্ষশ্ৰেষ্ঠ পৰিৱৰ্তনকাৰী ২০২৬ সন্মান। বিপন্ন হাড়গিলা সংৰক্ষণ আৰু গ্ৰাম্য মহিলাসকলক সংৰক্ষণমূলক কামৰ সৈতে জড়িত কৰি স্বাৱলম্বী কৰি তোলাৰ বাবে তেওঁ এই সন্মান লাভ কৰে।

হাড়গিলা সংৰক্ষণত অনন্য ভূমিকা

ড° বৰ্মনে হাড়গিলা সংৰক্ষণৰ বাবে ‘হাড়গিলা আৰ্মী’ গঢ়ি তুলি স্থানীয় মহিলাসকলক এই অভিযানৰ সৈতে জড়িত কৰিছে। মহিলাসকলে হাড়গিলাৰ বাহ সংৰক্ষণ, আহত পক্ষীৰ যত্ন আৰু স্থানীয় সমাজত সজাগতা সৃষ্টিৰ কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

সংৰক্ষণৰ সৈতে মহিলা সবলীকৰণ

হাড়গিলা সংৰক্ষণৰ সমান্তৰালভাৱে গ্ৰাম্য মহিলাসকলৰ জীৱিকাৰ সুযোগ বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। হাড়গিলাৰ প্ৰতিচ্ছবি থকা বস্ত্ৰ আদি প্ৰস্তুত কৰি বিক্ৰী কৰাৰ জৰিয়তে বহু মহিলাই উপাৰ্জনৰ সুযোগ লাভ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও লাভ

ড° পূৰ্ণিমা দেৱী বৰ্মনে ২০২৬ চনৰ জুন মাহত নেচনেল জিঅ’গ্ৰাফিক ছ’চাইটিৰ ৱেফাইণ্ডাৰ এৱাৰ্ড-ও লাভ কৰিছিল। হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাই দেশ-বিদেশত স্বীকৃতি লাভ কৰি আহিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *