October 16, 2026

Global Assam News

Global and Local Assam News Website

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিভিন্নজনৰ আৰ্থিক সহায়

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিভিন্নজনৰ আৰ্থিক সহায়
  • এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ ১ কোটি টকাৰ অনুদান
  • এছ জে এন হোমিঅ’পেথিক মেডিকেল কলেজৰ ১.১০ লাখ টকা
  • লোক সংঘৰ্ষ সমিতি, অসমৰ ১.০১ লাখ টকাৰ বৰঙণি
  • অসম ডায়েট বিষয়া সন্থাৰ ১ লাখ টকাৰ অনুদান

সমগ্ৰ সমাচাৰ সেৱা

অসম,২২ ছেপ্টেম্বৰ: অসমমুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে আগবঢ়োৱা আৰ্থিক অনুদান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৃতজ্ঞতাৰে গ্ৰহণ কৰে। সমাজৰ দুৰ্যোগগ্ৰস্ত আৰু আৰ্তজনৰ সহায়ৰ উদ্দেশ্যে আগবঢ়োৱা এই বৰঙণিৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে দাতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ ১ কোটি টকা

অনুদানৰ ভিতৰত এলেন কেৰিয়াৰ ইনষ্টিটিউটে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকা আগবঢ়ায়। ইয়াৰ উপৰি এছ জে এন হোমিঅ’পেথিক মেডিকেল কলেজ এণ্ড হাস্পতালৰ শ্ৰী জয়ন্ত কুমাৰ বৰ্মন আৰু অন্যান্যসকলে ১,১০,০০০ টকা বৰঙণি আগবঢ়ায়।

বিভিন্ন সংগঠনৰো সহায়ৰ হাত

লোক সংঘৰ্ষ সমিতি, অসমৰ শ্ৰী ৰাম চন্দ্ৰ ডেকা আৰু অন্যান্যসকলে ১,০১,০০০ টকা আৰু অসম ডায়েট বিষয়া সন্থাই ১ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায়। এই অনুদানে সংকটকালত আৰ্তজনৰ কাষত থিয় দিয়াৰ সামাজিক দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *