September 1, 2026

Global Assam News

Global and Local Assam News Website

মহাকাশ অৰ্থনীতিৰ নতুন সম্ভাৱনা হৈ উঠিব পাৰে উত্তৰ-পূব: SIA-India

  • উত্তৰ-পূবত মহাকাশ অৰ্থনীতিৰ নতুন সম্ভাৱনা
  • মহাকাশ প্ৰযুক্তিৰে আঞ্চলিক সমস্যাৰ সমাধানৰ ওপৰত গুৰুত্ব
  • অসমত Space Entrepreneurship Centre স্থাপনৰ প্ৰস্তাৱ
  • গৱেষণা, দক্ষতা বিকাশ আৰু ষ্টাৰ্টআপক অধিক গুৰুত্ব

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ২৮ আগষ্ট: উত্তৰ-পূব ভাৰতৰ অনন্য ভৌগোলিক অৱস্থান, প্ৰতিভা আৰু প্ৰতিষ্ঠানসমূহক ব্যৱহাৰ কৰি অঞ্চলটোৰ উন্নয়নমূলক প্ৰত্যাহ্বানসমূহক নতুন মহাকাশ অৰ্থনীতিৰ সুযোগলৈ ৰূপান্তৰ কৰিব পাৰি। এনে পদক্ষেপে কেৱল উত্তৰ-পূব বা ভাৰতৰ বাবেই নহয়, বিশ্বব্যাপী বজাৰৰ বাবেও নতুন সমাধান বিকশিত কৰাৰ সুযোগ সৃষ্টি কৰিব পাৰে।

\এই বাৰ্তা উত্থাপিত হয় Northeast India Space Workshop 2026-ৰ সামৰণি দিনত। Space Industry Association of India (SIA-India)-ই North Eastern Space Applications Centre (NESAC)-ৰ সহযোগত “Leveraging Space Technology: Regional Transformation to Global Reach” শীৰ্ষক বিষয়বস্তুৰে দুদিনীয়া এই কৰ্মশালাৰ আয়োজন কৰে।

বানপানীৰ পৰা সীমান্ত ব্যৱস্থাপনালৈ মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ

দুদিনীয়া এই কৰ্মশালাখনে SIA-India-ৰ ৰাষ্ট্ৰীয় মহাকাশ উদ্যোগ সম্পৰ্কীয় আলোচনাক প্ৰথমবাৰৰ বাবে নতুন দিল্লীৰ বাহিৰলৈ লৈ আহে। কৰ্মশালাখনত চৰকাৰ, মহাকাশ গৱেষণা প্ৰতিষ্ঠান, শিক্ষাক্ষেত্ৰ, উদ্যোগ, ষ্টাৰ্টআপ আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলে একেলগে অংশগ্ৰহণ কৰে।

আলোচনাত বানপানী, ভূমিস্খলন, কৃষি, বনাঞ্চল, জলসম্পদ, সীমান্ত ব্যৱস্থাপনা, যোগাযোগ ব্যৱস্থা, আন্তঃগাঁথনি আৰু আঞ্চলিক পৰিকল্পনাক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে চিনাক্ত কৰা হয়। চৰকাৰৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাসমূহক সমস্যা হিচাপে লৈ উদ্যোগ, ষ্টাৰ্টআপ আৰু গৱেষকসকলে তাৰ প্ৰযুক্তিনিৰ্ভৰ সমাধান আগবঢ়াব পাৰে বুলি কৰ্মশালাত মত প্ৰকাশ কৰা হয়।

প্ৰাকৃতিক দুৰ্যোগ কেৱল নিৰীক্ষণ কৰাত সীমাবদ্ধ নাথাকি বাস্তৱ-সময়ৰ তথ্য আৰু কাৰ্যকৰী আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ বাবে উপগ্ৰহৰ তথ্য, ভূমিভিত্তিক সেন্সৰ, বতৰৰ তথ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সমন্বয়ৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰা হয়।

অসমত Space Entrepreneurship Centre স্থাপনৰ প্ৰস্তাৱ

কৰ্মশালাৰ অন্যতম গুৰুত্বপূৰ্ণ ফলাফল হিচাপে অসমত Centre for Space Entrepreneurship স্থাপনৰ প্ৰস্তাৱ আগবঢ়োৱা হয়। SIA-India-ই Software Technology Parks of India (STPI) আৰু অসম চৰকাৰৰ সহযোগত এই কেন্দ্ৰটো আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে।

এই কেন্দ্ৰটোৱে ষ্টাৰ্টআপ, উদ্ভাৱক, শিক্ষাবিদ আৰু উদ্যোগসমূহক পৰামৰ্শ, কাৰিকৰী বিশেষজ্ঞতা আৰু বজাৰৰ সুযোগৰ সৈতে সংযোগ কৰাৰ এক মঞ্চ হিচাপে কাম কৰিব। লগতে বেংগালুৰুস্থিত Centre of Excellence in Space Technology-ৰ সৈতেও সংযোগ স্থাপনৰ পৰিকল্পনা কৰা হৈছে।

SIA-India-ৰ সঞ্চালক প্ৰধান অনিল প্ৰকাশে কয় যে উত্তৰ-পূবলৈ কেৱল কেইটামান মহাকাশভিত্তিক সমাধান লৈ অহাই লক্ষ্য নহয়; বৰং উত্তৰ-পূবতে নিজা সমাধান বিকশিত কৰি সেইবোৰ ভাৰত তথা বিশ্বৰ বজাৰলৈ লৈ যোৱাৰ সক্ষমতা গঢ়ি তোলাটোহে মূল উদ্দেশ্য।

কৰ্মশালাত দক্ষ মানৱসম্পদ আৰু গৱেষণাকো অগ্ৰাধিকাৰ দিয়া হয়। উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি শিক্ষা, অধিক সময়ৰ ব্যৱহাৰিক ইণ্টাৰ্নশ্বিপ, আন্তঃবিষয়ক শিক্ষা, প্ৰয়োগমুখী গৱেষণা আৰু উমৈহতীয়া কাৰিকৰী আন্তঃগাঁথনি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে অঞ্চলটোৰ সমস্যা সমাধানৰ লগতে উন্নত প্ৰযুক্তিৰ ওপৰত কাম কৰাৰ সুযোগ লাভ কৰাটো প্ৰয়োজন বুলি অংশগ্ৰহণকাৰীসকলে মত প্ৰকাশ কৰে। গৱেষণাৰ পৰা প্ৰ’ট’টাইপ, ক্ষেত্ৰভিত্তিক পৰীক্ষা, উদ্যোগ আৰু বজাৰলৈ যোৱাৰ পথ অধিক শক্তিশালী কৰাৰ লগতে গৱেষণা, প্ৰশিক্ষণ আৰু প্ৰযুক্তি বিকাশত উদ্যোগ খণ্ডৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়া হয়।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *