গুৱাহাটী উচ্চ ন্যায়ালয় : সুমি নাগা জনজাতিয়ে সংস্কৰণৰ সুমি ভাষাৰ বাইবেলত কৰা ভাষাগত পৰিবর্তন লৈ আবেদন
- নাগালেণ্ডৰ সুমি নাগা জনজাতিয়ে ২০২৫ সংস্কৰণৰ সুমি ভাষাৰ বাইবেলত কৰা ভাষাগত পৰিবর্তন লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কোহিমা বেঞ্চত আবেদন দাখিল।
- আবেদনকাৰীয়ে বাইবেল ছ’ছাইটি অৱ ইণ্ডিয়া (BSI)-ক নতুন বাইবেল ছাপ, বিতৰণ আৰু প্রচাৰত অন্তৰীক্ষ আদেশ বিচাৰিছে।
- উচ্চ ন্যায়ালয়ে কেন্দ্ৰ, নাগালেণ্ড চৰকাৰ, BSI আৰু অন্যান্য পক্ষক নোটিশ জাৰি কৰি উত্তৰ দিবলৈ নিৰ্দেশ।
- সংগঠনে অভিযোগ—ভাষা পৰিবর্তনৰে কেৱল শব্দ নহয়, বাইবেলৰ অৰ্থও সলনি হৈছে।
- সমাজৰ বয়োজ্যেষ্ঠ পাদৰিয়ে কৈছে—এইটো কেৱল ভাষাৰ নহয়, ‘ঈশ্বৰৰ বাক্য’ৰ পবিত্ৰতাৰো প্ৰশ্ন।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী/কোহিমা, ১০ আগষ্ট : নাগালেণ্ডৰ সুমি নাগা জনজাতিয়ে ২০২৫ সংস্কৰণৰ সুমি ভাষাৰ নতুন বাইবেলত কৰা ভাষাগত পৰিবর্তন লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে।
আবেদনকাৰীয়ে অভিযোগ কৰিছে—নতুন সংস্কৰণত বহু পৰম্পৰাগত সুমি শব্দ সলনি কৰা হৈছে, যাৰ ফলত বাইবেলৰ শিক্ষাৰ অৰ্থও সলনি হৈছে।
কোৰ্টে কেন্দ্ৰ, নাগালেণ্ড চৰকাৰ, বাইবেল ছ’ছাইটি অৱ ইণ্ডিয়া (BSI) আৰু অন্যান্যক নোটিশ জাৰি কৰিছে।
এই মামলাটোৰ পৰৱৰ্তী শুনানি ৭ ছেপ্টেম্বরত হ’ব।
সুমি ভাষা সংৰক্ষণ সংগঠন আৰু অন্যান্যৰ মতে—এইটো কেৱল ভাষাৰ নহয়, ধৰ্ম আৰু সংস্কৃতিৰ পবিত্ৰতাৰো প্ৰশ্ন।
আবেদনত নতুন বাইবেল ছাপ, বিতৰণ আৰু প্রচাৰত অন্তৰীক্ষ আদেশ বিচৰা হৈছে।
