Global Assam News

Global and Local Assam News Website

ডিমাকুচি–মঙলদৈৰ মাজত আৰম্ভ বৈদ্যুতিক ‘গ্ৰীণ বাছ’ সেৱা

Oplus_131072

  • ডিমাকুচি–মঙলদৈৰ মাজত শীততাপ নিয়ন্ত্ৰিত (AC) বৈদ্যুতিক গ্ৰীণ বাছ সেৱাৰ শুভাৰম্ভ।
  • উদ্বোধন কৰে অসমৰ পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে।
  • বিটিআৰ অঞ্চলত ৬টা বৈদ্যুতিক বাহনৰ চাৰ্জিং ষ্টেচন স্থাপনৰ পৰিকল্পনা।
  • PM E-DRIVE আঁচনিৰ অধীনত সমগ্ৰ অসমত ১০০টা চাৰ্জিং ষ্টেচন স্থাপনৰ চিন্তা।
  • কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৪,০০০খন বৈদ্যুতিক বাছ মোতায়েনৰ প্ৰস্তাৱ।
  • ডিমাকুচিৰ পৰা মঙলদৈলৈ আৰম্ভ গ্ৰীণ বাছ সেৱা

পৰিৱেশবান্ধৱ গণপৰিবহণ শক্তিশালী কৰাৰ দিশত অসম চৰকাৰৰ আন এক পদক্ষেপ

সমগ্ৰ সমাচাৰ সেৱা
উদালগুৰি, ২৬ জুন: উদালগুৰি জিলাৰ ডিমাকুচিত সোমবাৰে অসমৰ পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে ডিমাকুচি–মঙলদৈ সংযোগী শীততাপ নিয়ন্ত্ৰিত (AC) বৈদ্যুতিক ‘গ্ৰীণ বাছ’ সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই পদক্ষেপে অঞ্চলটোত পৰিৱেশবান্ধৱ আৰু বহনক্ষম গণপৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

বিটিআৰত স্থাপন হ’ব ৬টা চাৰ্জিং ষ্টেচন

উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী চৰণ বড়োৱে কয় যে, এতিয়ালৈকে চাৰ্জিং ষ্টেচনৰ অভাৱৰ বাবে বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজিয়ন (BTR)ত বৈদ্যুতিক বাছ চলাচল আৰম্ভ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু BTC চৰকাৰৰ সহযোগিতাত উদালগুৰি, গোঁসাইগাঁও, বৰপেটাকে ধৰি কৌশলগত স্থানসমূহত কমেও ৬টা বৈদ্যুতিক বাহনৰ চাৰ্জিং ষ্টেচন স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

অসমত ১০০টা চাৰ্জিং ষ্টেচনৰ লক্ষ্য

মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে, প্ৰধানমন্ত্ৰীৰ PM E-DRIVE (Electric Drive Revolution in Innovative Vehicle Enhancement) আঁচনিৰ অধীনত সমগ্ৰ অসমত ১০০টা স্থানত বৈদ্যুতিক বাহনৰ চাৰ্জিং ষ্টেচন স্থাপনৰ বিষয়টো চৰকাৰে বিবেচনা কৰি আছে।

উত্তৰ-পূৰ্বাঞ্চলত ৪,০০০ বৈদ্যুতিক বাছৰ প্ৰস্তাৱ

চৰণ বড়োৱে কয় যে, কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা শক্তিশালী কৰা, সেউজীয়া আন্তঃগাঁথনি উন্নয়ন আৰু পৰ্যটন খণ্ডক অধিক গতি দিয়াৰ উদ্দেশ্যে অঞ্চলটোত ৪,০০০খন বৈদ্যুতিক বাছ মোতায়েনৰ প্ৰস্তাৱ ৰখা হৈছে। এই পদক্ষেপে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত পৰিৱেশবান্ধৱ পৰিবহণ ব্যৱস্থাৰ এক নতুন অধ্যায় সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *