Global Assam News

Global and Local Assam News Website

জেহাদীৰ ঘাটিৰূপে পৰিণত অসম! হিন্দু সুৰক্ষা সেনা, অসমৰ মন্তব্য

Oplus_131072

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী,২৬ জুন: নামনি অসমৰ বিভিন্ন প্রান্তত জেহাদী গ্রেপ্তাৰ হোৱাৰ লগতে যোৱা ১৬জুন ইং তাৰিখে দিল্লীত ৭জনকৈ কুৎসাত জেহাদী সন্ত্ৰাসবাদী আটক হোৱৰ উপৰিও যোৱা দুদিনমান আগত অসমৰ চৰাইদেউ জিলাত দুজনকৈ জেহাদী গ্ৰপ্তাৰ হোৱাৰ উপৰিও.22 পিষ্টল উদ্ধাৰ কৰে অসম আৰক্ষীয়ে আৰু কেইমাহমান আগতে ধুবুৰী জিলাৰ গোৱালপাৰাত এনআইএৰ অভিযানত পাকিস্তানৰ কুখ্যাত সন্ত্রাসবাদী সংগঠন জইছ-ঈ-মহম্মদৰ নেতা ধৰা কাৰ্যৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰে হিন্দু সুৰক্ষা সেনা, অসমে। আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে কেন্দ্ৰীয় সভাপতি কাঞ্চন নাথ আৰু সাধাৰণ সম্পাদক আকাশ শইকীয়াই কয় যে, জেহাদীৰ ৰম্যভূমিত পৰিণত হৈছে এতিয়া অসম। যোৱাবাৰ ডিচেম্বৰত ভাৰত বিৰোধী নিষিদ্ধ ঘোষিত সংগঠন জইছ-ঈ-মহম্মদ টীমৰ ছাহানুৰ আলম, জয়নাল আবেদিন, ছাহানুৰ ইছলাম, আবু তালেব নামৰ চাৰি জনকৈ দুধর্ষ নেতা গ্ৰেপ্তাৰ হোৱাৰ দৰে ঘটনাই এইটো স্পষ্ট কৰে যে অতি ক্ষিপ্ৰতাৰে ইছলামিক মৌলবাদী জেহাদীয়ে বর্তমান সময়ত নামনি উজনি আৰু মধ্য অসমত সাংগঠনিক স্থিতি মজবুত কৰাৰ লগতে অসমখন ইছলামিকস্থান গঢ়াৰ উদ্দেশ্যৰে প্ৰশিক্ষণ লৈ আছে। নামনি অসমৰ বিশেষকৈ গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী আদি জিলাত বাংলাদেশী মূলৰ মুছলমান লোকৰ বসতিপ্রধান অঞ্চলসমূহত এতিয়া জেহাদ ব্যাপক প্ৰসাৰণ ঘটিছে। একেটা বিবৃতিতে সংগঠনটোৰ নেতাদ্বয়ে আৰু কয় যে, আগন্তুক দিনত যদি এই জেহাদী সন্ত্রাসবাদী সংগঠনৰ বিৰুদ্ধে বিশেষ সামৰিক বাহিনীৰ দ্বাৰা তীব্ৰ অভিযান আৰম্ভ নকৰে তেন্তে অনাগত দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চল ইছলামিস্থানত পৰিগণিত হ’ব। লগতে কেন্দ্ৰীয় সম্পাদক মিঠুন দাসে কয় যে জেহাদী সমৰ্থনকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপ আদৰণিয় যদিও এই সমর্থন কাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সংগঠনটোৱে দাবী জনায়।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *