মাজুলীত লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ সমাপ্ত
- মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ভাৰতীয় লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ।
- ‘Houselisting and Housing Census (HLO)’ বিষয়ক তিনি দিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ ২৩ জুনৰ পৰা আৰম্ভ হৈছিল।
- কালি সফলতাৰে প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটে।
- লোকপিয়লৰ কাম সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয়।
- তিনি দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি
‘Houselisting and Housing Census (HLO)’ বিষয়ক তিনি দিনীয়া প্ৰশিক্ষণত অংশগ্ৰহণ বিভিন্ন বিভাগৰ বিষয়াৰ
সমগ্ৰ সমাচাৰ সেৱা
মাজুলী, ২৬ জুন: মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত যোৱা ২৩ জুনৰ পৰা অনুষ্ঠিত হৈ অহা ভাৰতীয় লোকপিয়ল ২০২৭-ৰ প্ৰথম পৰ্যায়ৰ ‘Houselisting and Housing Census (HLO)’ বিষয়ক জিলা পৰ্যায়ৰ তিনি দিনীয়া গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সফলতাৰে পৰিসমাপ্তি ঘটে।
লোকপিয়লৰ প্ৰস্তুতি অধিক সুদৃঢ় কৰাৰ লক্ষ্য
এই প্ৰশিক্ষণৰ জৰিয়তে লোকপিয়লৰ প্ৰথম পৰ্যায়ত ঘৰৰ তালিকাকৰণ (House Listing) আৰু গৃহ সম্পৰ্কীয় তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া, তথ্য লিপিবদ্ধকৰণ, ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ আৰু বিভিন্ন কাৰিকৰী দিশ সম্পৰ্কে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক বিস্তৃতভাৱে অৱগত কৰা হয়।
সঠিক তথ্য সংগ্ৰহৰ ওপৰত গুৰুত্ব
প্ৰশিক্ষণত লোকপিয়লৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত সঠিকতা, স্বচ্ছতা আৰু সময়মতে কাম সম্পন্ন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই প্ৰশিক্ষণে জিলা প্ৰশাসনক লোকপিয়ল ২০২৭ সফলভাৱে ৰূপায়ণ কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
