Global Assam News

Global and Local Assam News Website

জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল

Oplus_131072

  • জাপান চৰকাৰে আনুষ্ঠানিকভাৱে গুৱাহাটী ভ্ৰমণ বাতিল কৰাৰ তথ্য জনালে।
  • ভাৰত-জাপান প্ৰধানমন্ত্ৰীৰ বৈঠক এতিয়া কেৱল নতুন দিল্লীত অনুষ্ঠিত হ’ব।
  • নিৰাপত্তাজনিত আৰু লজিষ্টিক সমস্যাৰ বাবে গুৱাহাটী ভ্ৰমণ বাতিল হোৱা বুলি সূত্ৰৰ দাবী।
  • সাত বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে অসম ভ্ৰমণ বাতিল জাপানৰ প্ৰধানমন্ত্ৰীৰ।
  • ২০১৯ চনত CAA বিৰোধী আন্দোলনৰ বাবে বাতিল হৈছিল ভ্ৰমণ।
  • এতিয়ালৈকে অসম চৰকাৰৰ কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ পোৱা নাই।

বৈঠক এতিয়া কেৱল নতুন দিল্লীত; অসমৰ বাবে পুনৰ এক হতাশাজনক খবৰ

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২৪ জুনঃ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ কূটনৈতিক সুযোগ হাতছাৰা হ’ল। জাপান চৰকাৰে আনুষ্ঠানিকভাৱে জনাইছে যে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণসূচী বাতিল কৰা হৈছে। ফলত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ মাজৰ বৈঠক কেৱল নতুন দিল্লীতেই অনুষ্ঠিত হ’ব।

গুৱাহাটীত চলিছিল ব্যাপক প্ৰস্তুতি
ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত বৈঠক অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতে সমগ্ৰ চহৰখন উচ্চ পৰ্যায়ৰ এই বৈঠকৰ বাবে সজাই-পৰাই তোলা হৈছিল। বিভিন্ন উন্নয়নমূলক আৰু সৌন্দৰ্যায়নমূলক কাম-কাজো দ্ৰুতগতিত সম্পন্ন কৰা হৈছিল।
কিন্তু শেষ মুহূৰ্তত জাপান চৰকাৰৰ সিদ্ধান্তই সেই সকলো প্ৰস্তুতিৰ ওপৰত প্ৰশ্নচিহ্ন এৰি গ’ল।

নিৰাপত্তা আৰু সময়সূচীৰ কাৰণ
জাপান চৰকাৰৰ সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ (Sanae Takaichi) ঘৰুৱা দায়বদ্ধতাৰ বাবে ভাৰত ভ্ৰমণৰ সময়সীমা অত্যন্ত সীমিত। ইয়াৰ লগতে ৰাজধানীৰ বাহিৰত ভ্ৰমণ সম্পৰ্কীয় অতিৰিক্ত লজিষ্টিক ব্যৱস্থা আৰু নিৰাপত্তাজনিত বিষয়সমূহ বিবেচনা কৰিয়েই গুৱাহাটী ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
সূত্ৰসমূহে দাবী কৰা মতে, সাম্প্ৰতিক কিছুমান অপ্ৰত্যাশিত বিশৃংখল পৰিস্থিতিৰ ফলত জাপানৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা প্ৰট’ক’ল টীমে গুৱাহাটী ভ্ৰমণ সম্পৰ্কে আপত্তি উত্থাপন কৰিছিল।

সাত বছৰত দ্বিতীয়বাৰৰ বাবে বাতিল
উল্লেখযোগ্য যে, বিগত সাত বছৰৰ ভিতৰত এইটো দ্বিতীয়বাৰৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হ’ল।

২০১৯ চনত তদানীন্তন জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ অসম ভ্ৰমণ CAA বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হৈছিল। সেই সময়ত গুৱাহাটীত ভাৰত-জাপান শীৰ্ষ সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছিল।

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আঘাত
বিশেষজ্ঞসকলৰ মতে, গুৱাহাটীত এই বৈঠক অনুষ্ঠিত হ’লে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কৌশলগত আৰু অৰ্থনৈতিক গুৰুত্ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক উজলাই উঠিলহেঁতেন। ভ্ৰমণ বাতিল হোৱাটো অঞ্চলটোৰ বাবে এক উল্লেখযোগ্য কূটনৈতিক আঘাত হিচাপে বিবেচিত হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *