ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ অৰ্থনৈতিক বিকাশৰ নতুন অধ্যায়
- এডভাণ্টেজ অসম ২.০-ৰ জৰিয়তে ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ।
- প্ৰায় ২ লাখ কোটি টকাৰ প্ৰকল্প বিভিন্ন স্তৰত বাস্তৱায়নৰ দিশে আগবাঢ়িছে।
- ১.২১ লাখ কোটি টকাৰ ৭০টা প্ৰকল্পৰ ভূমিপূজন সম্পন্ন।
- এমএছএমই খণ্ডত পঞ্জীয়ন আৰু ঋণ বিতৰণত অভূতপূৰ্ব বৃদ্ধি।
- জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পই ৩০ হাজাৰৰো অধিক নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।
- অসমক বিনিয়োগ, উদ্ভাৱন আৰু উদ্যোগৰ এক উদীয়মান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবী বিজেপিৰ।
অসমৰ বিকাশ যাত্ৰাৰ নতুন দিশ
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২২ জুনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে অৰ্থনৈতিক পুনৰুত্থান আৰু বিকাশৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে বুলি মন্তব্য কৰিছে বিজেপি অসম প্ৰদেশৰ মুখপাত্ৰী ড০ মেহজাবিনয়ে।
সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত তেওঁ কয় যে প্ৰগতিশীল নীতি, আন্তঃগাঁথনি উন্নয়ন, প্ৰতিষ্ঠানগত সংস্কাৰ আৰু বিশ্ব অৰ্থনীতিৰ সৈতে সম্পৃক্ততাৰ ফলত অসমে পূব ভাৰতৰ এক গুৰুত্বপূৰ্ণ বিকাশ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।
বিশ্ব মঞ্চত অসমৰ উপস্থিতি শক্তিশালী
ড০ মেহজাবিনে উল্লেখ কৰে যে এডভাণ্টেজ অসম ২.০-ৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাপান, ছিংগাপুৰ আদি দেশত বিনিয়োগ প্ৰচাৰ অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী আৰু উদ্যোগপতিসকলৰ সৈতে আলোচনা কৰে। ইয়াৰ ফলত অসমৰ কৌশলগত অৱস্থান, প্ৰাকৃতিক সম্পদ আৰু বিনিয়োগ-অনুকূল পৰিৱেশ বিশ্বৰ আগত অধিক স্পষ্টভাৱে প্ৰতিফলিত হয়।
ভ্ৰমণ সতর্কতা শিথিল, বৃদ্ধি আন্তঃৰাষ্ট্ৰীয় আস্থা
তেওঁ কয় যে অষ্ট্ৰেলিয়া, জাপান আৰু ইউৰোপীয় সংঘভুক্ত কেইবাখনো দেশে অসমৰ অধিকাংশ অঞ্চলৰ ক্ষেত্ৰত পূৰ্বৰ ভ্ৰমণ সতর্কতা শিথিল কৰিছে। এই পদক্ষেপে অসমৰ উন্নত আইন-শৃংখলা, ৰাজনৈতিক স্থিৰতা আৰু বিনিয়োগ-অনুকূল পৰিৱেশৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় আস্থাৰ প্ৰতিফলন ঘটাইছে।
৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি
ড০ মেহজাবিনৰ মতে, এডভাণ্টেজ অসম ২.০-ত মুঠ ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা হৈছে। ইয়াৰ ভিতৰত—
২,৮১,৬২১ কোটি টকাৰ ২৯৬খন বুজাবুজি চুক্তি (MoU)
৩৫খন জিলাত ২,৫৯২খন এমএছএমই চুক্তি
৬,৭৭৪ কোটি টকাৰ এমএছএমই বিনিয়োগ
খণ্ডভিত্তিক বিনিয়োগৰ চিত্ৰ
বিদ্যুৎ খণ্ড – ৯৭,৮৪০ কোটি টকা
আন্তঃগাঁথনি উন্নয়ন – ৫৫,৫৭২ কোটি টকা
হাইড্ৰ’কাৰ্বন আৰু পেট্ৰ’কেমিকেল – ৪৪,৯৪৮ কোটি টকা
উৎপাদন খণ্ড – ২৬,৭৭৯ কোটি টকা
খনি আৰু খনিজ সম্পদ – ৫,৩৫৩ কোটি টকা
ইয়াৰ উপৰিও ইলেক্ট্ৰনিকছ, তথ্য প্ৰযুক্তি, এৰোস্পেচ, ডিফেঞ্চ মেনুফেকচাৰিং, পৰ্যটন, স্বাস্থ্যসেৱা, খাদ্য প্ৰক্ৰিয়াকৰণ, দক্ষতা বিকাশ আৰু বস্ত্ৰ উদ্যোগত বিনিয়োগকাৰীৰ আগ্ৰহ বৃদ্ধি পোৱা বুলি তেওঁ জানিবলৈ দিয়ে।
বাস্তৱায়নৰ দিশে আগবাঢ়িছে বৃহৎ প্ৰকল্পসমূহ
বিজেপি মুখপাত্ৰীগৰাকীয়ে কয় যে সন্মিলনৰ মাত্ৰ ৩০০ দিনৰ ভিতৰতে প্ৰায় ২ লাখ কোটি টকাৰ প্ৰকল্প বিভিন্ন স্তৰত বাস্তৱায়নৰ দিশে আগবাঢ়িছে। লগতে ১.২১ লাখ কোটি টকাৰ ৭০টা প্ৰকল্পৰ ভূমিপূজন সম্পন্ন হৈছে, যাক তেওঁ অসমৰ শিল্প ইতিহাসৰ এক নজিৰবিহীন সাফল্য বুলি অভিহিত কৰে।
এমএছএমই খণ্ডত অভূতপূৰ্ব বৃদ্ধি
ড০ মেহজাবিনে কয় যে ২০২০ চনত ৯,৩৭১টা থকা উদ্যম পঞ্জীয়ন ২০২৪ চনত ২.৮৫ লাখ অতিক্ৰম কৰিছে। বৰ্তমান ১২.৭৫ লাখতকৈ অধিক এমএছএমই উদ্যম পৰ্টেলত পঞ্জীয়নভুক্ত।
তেওঁৰ তথ্য অনুসৰি—
২০২৫ চনৰ ৩১ মাৰ্চলৈ এমএছএমই খণ্ডলৈ ৩০,৭৭৩.৫৮ কোটি টকাৰ ঋণ সহায়তা আগবঢ়োৱা হৈছে।
বিগত চাৰি বিত্তীয় বছৰত ৯০,০০০ কোটিতকৈ অধিক ঋণ বিতৰণ কৰা হৈছে।
“অসম ঋণ গেৰান্টি আঁচনি”ৰ অধীনত ৭৫,৭৪৭টা এমএছএমইলৈ ৬,৪৩৬ কোটি টকাৰ ঋণ সহায়তা প্ৰদান কৰা হৈছে।
জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পে সৃষ্টি কৰিব বৃহৎ নিযুক্তি
ড০ মেহজাবিনে জাগীৰোডস্থিত Tata Electronics-ৰ ছেমিকণ্ডাক্টৰ অএছএটি প্ৰকল্পক অসমৰ শিল্প বিকাশৰ এক যুগান্তকাৰী মাইলৰ খুঁটি বুলি উল্লেখ কৰে। প্ৰায় ২৭,০০০ কোটি টকাৰ এই প্ৰকল্পই ১৫ হাজাৰ প্ৰত্যক্ষ আৰু ১৫ হাজাৰ পৰোক্ষ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব বুলি তেওঁ দাবী কৰে।
ইয়াৰ উপৰিও ১৪,৬০৩ কোটি টকাৰ ২৮টা বৃহৎ শিল্প প্ৰস্তাৱে ২০ হাজাৰৰো অধিক নতুন নিযুক্তিৰ সম্ভাৱনা কঢ়িয়াই আনিছে।
নতুন উন্নয়ন মডেলৰ দিশে অসম
ড০ মেহজাবিনে কয় যে অসমৰ পৰিৱৰ্তন কেৱল অৰ্থনৈতিক সূচকতে সীমাবদ্ধ নহয়, বৰং বিনিয়োগকাৰীৰ আস্থা, আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু দ্রুত শিল্পায়নৰ জৰিয়তে ৰাজ্যখনৰ ভাবমূৰ্তিতো ব্যাপক পৰিৱৰ্তন ঘটিছে। তেওঁৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম উত্তৰ-পূৰ্বাঞ্চলৰ এক শক্তিশালী অৰ্থনৈতিক কেন্দ্ৰ হিচাপে নিজৰ স্থান সুদৃঢ় কৰি আছে।
