খাদ্য পেকেজিঙত ধাতুৰ পিন, ষ্টেপল আৰু তাঁৰৰ ব্যৱহাৰত নিষেধাজ্ঞা
Oplus_131072
- খাদ্য পেকেজিঙত ধাতুৰ পিন, ষ্টেপল আৰু তাঁৰৰ ব্যৱহাৰ তৎক্ষণাত বন্ধ কৰিবলৈ নিৰ্দেশ FSSAI-ৰ।
- কেক, মিঠাইৰ বাকচ, স্নেকছ পেকেট আৰু টেক-অৱে খাদ্য পেকেজত এনে সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল।
- ভুলবশতঃ গিলি পেলালে গ্ৰাহকৰ স্বাস্থ্যত গুৰুতৰ ক্ষতি হোৱাৰ আশংকা।
- খাদ্য ব্যৱসায়ীসকলক অধিক সুৰক্ষিত বিকল্প পেকেজিং পদ্ধতি গ্ৰহণৰ আহ্বান।
- নিৰ্দেশনা অমান্য কৰিলে কঠোৰ আইনগত ব্যৱস্থা লোৱাৰ সকীয়নী।
- জনস্বাস্থ্য সুৰক্ষাৰ বাবে FSSAI-ৰ নতুন পদক্ষেপ
গ্ৰাহকৰ সুৰক্ষাৰ স্বাৰ্থত জাৰি কড়া নিৰ্দেশ, উলংঘন কৰিলে হ’ব কঠোৰ ব্যৱস্থা
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৬ জুন: ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ (FSSAI)-এ দেশজুৰি সকলো Food Business Operator (FBO)-ক খাদ্য পেকেজিঙত ধাতুৰ পিন, ষ্টেপল আৰু তাঁৰৰ ব্যৱহাৰ তৎক্ষণাত বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। জনস্বাস্থ্য আৰু খাদ্য সুৰক্ষাৰ স্বাৰ্থত এই পৰামৰ্শমূলক নিৰ্দেশনা জাৰি কৰা হৈছে।
খাদ্য পেকেজিঙত বিপদজনক সামগ্ৰীৰ ব্যৱহাৰ লক্ষ্য
FSSAI-এ জানিবলৈ দিয়ে যে বিভিন্ন খাদ্য পেকেজিঙত, বিশেষকৈ সাজসজ্জাযুক্ত কেক, কেকৰ বাকচ, মিঠাইৰ বাকচ, স্নেকছ পাউচ, টেক-অৱে পাৰ্চেল আৰু অন্যান্য খাদ্য পেকেট বন্ধ কৰিবলৈ ধাতুৰ পিন, ষ্টেপল আৰু তাঁৰ ব্যৱহাৰ কৰাৰ ঘটনা লক্ষ্য কৰা গৈছে।
গ্ৰাহকৰ স্বাস্থ্যত গুৰুতৰ ক্ষতিৰ আশংকা
কৰ্তৃপক্ষই কয় যে ভুলবশতঃ এই ধাতৱ সামগ্ৰীসমূহ খাদ্যৰ সৈতে গিলি পেলালে গ্ৰাহকৰ শৰীৰত আঘাত, অভ্যন্তৰীণ ক্ষত বা আন গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেয়েহে খাদ্য উদ্যোগক অধিক সুৰক্ষিত আৰু স্বাস্থ্যসম্মত পেকেজিং ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সকীয়নী
FSSAI-এ স্পষ্টকৈ জনাইছে যে এই নিৰ্দেশনা পালন নকৰা খাদ্য ব্যৱসায়ী বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰচলিত খাদ্য সুৰক্ষা আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কৰ্তৃপক্ষই সকলো FBO-ক গ্ৰাহকৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি তৎক্ষণাত এই ব্যৱস্থা ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছে।
