যোৰহাট বিমানঘাঁটিত বায়ুসেনাৰ An-32 বিমান দুৰ্ঘটনাগ্ৰস্ত
Oplus_131072
- অসমৰ যোৰহাট বিমানঘাঁটিত ভাৰতীয় বায়ুসেনাৰ An-32 পৰিবহণ বিমান দুৰ্ঘটনাগ্ৰস্ত।
- দুৰ্ঘটনাত বায়ুসেনাৰ পাঁচজন সাহসী জোৱানে প্ৰাণ আহুতি দিয়ে।
- বিমানখনৰ সহ-পাইলট (Co-pilot) গুৰুতৰভাৱে আহত হ’লেও জীৱিত উদ্ধাৰ কৰা হৈছে।
- দুৰ্ঘটনাৰ কাৰণ উদ্ঘাটনৰ বাবে বায়ুসেনাই ‘ক’ৰ্ট অৱ ইনকুৱাইৰি’ৰ নিৰ্দেশ জাৰি কৰিছে।
- শ্বহীদসকলৰ ভিতৰত দুজন বিষয়াৰ লগতে তিনিজন বায়ুসেনা কৰ্মী আছিল।
- যোৰহাটত শোকাৱহ বিমান দুৰ্ঘটনা
দুৰ্ঘটনাৰ কাৰণ অনুসন্ধানৰ বাবে ‘ক’ৰ্ট অৱ ইনকুৱাইৰি’ৰ নিৰ্দেশ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৩ জুন: অসমৰ যোৰহাট বিমানঘাঁটিত ভাৰতীয় বায়ুসেনাৰ এক An-32 পৰিবহণ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত পাঁচজন বায়ুসেনা কৰ্মী শহীদ হয়। দেশসেৱাৰ দায়িত্ব পালন কৰি থকা অৱস্থাত সংঘটিত এই দুৰ্ঘটনাই সমগ্ৰ দেশক শোকাহত কৰি তুলিছে।
বায়ুসেনাৰ তথ্য অনুসৰি, বিমানখনত থকা সহ-পাইলটজন দুৰ্ঘটনাৰ পিছত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় যদিও তেওঁ গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান চিকিৎসালয়ত তেওঁৰ চিকিৎসা চলি আছে।
শহীদ জোৱানসকল
এই দুৰ্ঘটনাত শহীদ হোৱা বায়ুসেনা কৰ্মীসকল হৈছে—
স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিংহ
ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ
ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা
অগ্নিবীৰবায়ু খেমাৰাম কুমাৱত
অগ্নিবীৰবায়ু দানিশ আলম
দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ ভাৰতীয় বায়ুসেনাই ‘ক’ৰ্ট অৱ ইনকুৱাইৰি’ গঠন কৰাৰ নিৰ্দেশ দিছে। তদন্তৰ জৰিয়তে কাৰিকৰী ত্ৰুটি, মানৱীয় ভুল অথবা অন্য কোনো কাৰণ জড়িত আছিল নেকি সেয়া অনুসন্ধান কৰা হ’ব।
